NORTHEAST NOW (Assamese)
অসম

মাৰ্ঘেৰিটাত অব্যাহত কয়লাৰ চোৰাং বেহা; জেচিবি সহ কয়লা ভৰ্তি বলেৰ’ জব্দ

Posted by: মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা Updated by: মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা January 18, 2022 7:29 pm
Assam

প্ৰশাসনৰ নাকৰ তলেৰে মাৰ্ঘেৰিটাত চোৰাং কয়লা বেহা অব্যাহত ৰাখিছে অবৈধ কয়লা ব্যৱসায়ীয়ে।

আজি লেখাপানীত বন বিভাগৰ দ্বাৰা চোৰাং কয়লা বিৰোধী অভিযানত JCB সহ চোৰাং কয়লা ভৰ্তি এখন বলেৰ’ পিক্আপ গাড়ী জব্দ কৰা হয়।

ডিগবৈ বন সংমণ্ডলৰ অধীনস্থ তথা লেখাপানী আঞ্চলিক বন বিভাগ কাৰ্য্যালয়ৰ অন্তৰ্গত লেখাপানী বন বিভাগে আজি পাহাৰপুৰ সংৰক্ষিত বনাঞ্চলত চোৰাং কয়লা বিৰোধী অভিযান চলায়।

অভিযানত চোৰাং কয়লা খননত ব্যৱহাৰ কৰা AS 23 AC 7268 নাম্বাৰৰ এখন জে চি বি জব্দ কৰিবলৈ সক্ষম হয়।

আনহাতে শালেকি প্ৰস্তাৱিত বনাঞ্চলৰ ফালৰ পৰা অবৈধ চোৰাং কয়লা কঢ়িয়াই আহি থকা অৱস্থাত As-23-Ac-9378 নাম্বাৰৰ এখন বলেৰ’ পিক্আপ জব্দ কৰে।

অৱশ্যে অভিযানৰ সময়ত গাড়ী দুখন জব্দ কৰিলেও বাহন দুখনৰ চালকে পলাই সাৰিবলৈ সক্ষম হয়।

বর্তমান লেখাপানী বন বিভাগে বাহন দুখনৰ গৰাকীক বিচাৰি অভিযান আৰম্ভ অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।