NORTHEAST NOW (Assamese)
অসম

মাজুলীত ৰন্ধনগেছৰ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত ভয়াবহ অগ্নিকাণ্ড

Posted by: মিটু খাটনিয়াৰ Updated by: মিটু খাটনিয়াৰ October 31, 2019 3:33 pm
Fire at Majuli

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টি মাজুলীৰ সীমান্তৱৰ্তী পাথৰিচুকত বৃহস্পতিবাৰে ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।

পাথৰিচুকৰ মুখেশ্বৰ চিৰাং নামৰ শিক্ষকগৰাকীৰ ঘৰত সংঘটিত হোৱা অগ্নিকাণ্ডটোত দুটাকৈ চাংঘৰ আৰু ভালেমান টকাৰ সা-সম্পত্তি জাহ যায়।

জানিব পৰা মতে, মুখেশ্বৰ চিৰাঙৰ পত্নীয়ে চাহ বনাই থাকোতে ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ ঘটি অগ্নিকাণ্ডটো সংঘটিত হয়।

আনহাতে, অগ্নিকাণ্ডটোৰ ফলত পৰিয়ালটোৰ বাসগৃহকে ধৰি সা-সম্পত্তি জুইত জাহ গলেও কোনো লোক হতাহত হোৱা নায়।

উল্লেখযোগ্য যে, মাজুলীৰ সদৰ গড়মুৰৰ পৰা পাথৰিচুকলৈ মাত্ৰ ১ কিলোমিটাৰ দূৰত্ব যদিও বাট-পথৰ দুৰৱস্থাৰ বাবে অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হ’ব নোৱাৰাত স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰে।

ক্ষোভিত ৰাইজে শীঘ্ৰে অঞ্চলটোৰ বাট-পথ মেৰামতি কৰাৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ আহ্বান জনায়।