NORTHEAST NOW (Assamese)

ভাৰতীয় সংবিধানৰ প্ৰতিলিপি ফালিলে পিডিপিৰ সাংসদে; মাৰ্শ্বেল লগাই বাহিৰ কৰিলে সংসদৰ পৰা

August 5, 2019 1:23 pm ·
Updated: August 5, 2019 2:28 pm

জম্মু-কাশ্মীৰত এতিয়া দেশৰ সকলোৰে দৃষ্টি নিৱদ্ধ হৈ থকাৰ সময়তে আজি ৰাজ্যসভাৰ মজিয়াত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

জম্মু-কাশ্মীৰৰ পিপল ডেমক্ৰেটিক দলৰ দুই সাংসদ নাজিৰ আহমেদ আৰু এম এম ফিয়াজে আজি ৰাজ্যসভাৰ মজিয়াত ৩৭০ অনুচ্ছেদ বাতিলৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতীয় সংবিধানৰ প্ৰতিলিপি ফালে।

ৰাজ্যসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ প্ৰস্তাৱ দিছিল। লগতে কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকীয়ে অনুচ্ছেদ ৩৫ (এ) ও প্ৰত্যাহাৰৰ বাবে প্ৰস্তাৱ দিছিল।

সংবিধানৰ ৩৭০ নং অনুচ্ছেদে জম্মু-কাশ্মীৰক এক বিশেষ মৰ্যাদা প্ৰদান কৰিছিল।

কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসভাত লোৱা এই সিদ্ধান্তৰ বিৰোধিতা কৰিবলৈ গৈ জম্মু–কাশ্মীৰৰ পিপল ডেমক্ৰেটিক দলৰ দুই সাংসদ নাজিৰ আহমেদ আৰু এম এম ফিয়াজে ভাৰতীয় সংবিধান প্ৰতিলিপি ফালি এক চূড়ান্ত কাণ্ডজ্ঞানহীনতাৰ পৰিচয় দিয়ে।

ইফালে এই ঘটনাক লৈ ৰাজ্যসভাৰ মজিয়াত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

ঘটনাৰ পিছতে ৰাজ্যসভাৰ অধ্যক্ষ এম ভেংকায়া নাইডুৱে মাৰ্শ্বেল লগাই জম্মু-কাশ্মীৰৰ দুয়োগৰাকী সাংসদকে সংসদৰ পৰা বাহিৰ কৰে।

প্ৰতিবাদৰ নামত জম্মু-কাশ্মীৰৰ পিপল ডেমক্ৰেটিক দলৰ সাংসদ  এম এম ফিয়াজক নিজৰ গাৰ কাপোৰ ফলাও দেখা যায়।

Related News