NORTHEAST NOW (Assamese)
Popular Stories

‘কপি-পেষ্ট সিদ্ধান্ত’! প্ৰাক্তন মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই লোৱা সিদ্ধান্ত বাতিল ছিংগাপুৰৰ সৰ্বোচ্চ ন্যায়ালয়ৰ…

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 9, 2025 4:37 pm

কালি অৰ্থাৎ ৮ এপ্ৰিলত ছিংগাপুৰৰ শীৰ্ষ আদালতে পূৰ্বে ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে থকা দীপক মিশ্ৰৰ নেতৃত্বত লোৱা এটা সিদ্ধান্ত বাতিল কৰে। ন্যায়াধীশজনৰ নেতৃত্বত গঠিত ট্ৰিবিউনেলে ভাৰতৰ মালবাহী ৰেল লাইন নিৰ্মাণ কৰি থকা এটা কোম্পানী আৰু ২০১৪ চনত ৰে’ল লাইন নিৰ্মাণত সহায় কৰিবলৈ নিযুক্তি দিয়া তিনিটা কোম্পানীৰ দলৰ মাজৰ ন্যায়িক যুঁজৰ সিদ্ধান্ত লৈছিল।

ৰায়দানৰ সমস্যাটো আছিল যে তেওঁলোকৰ সিদ্ধান্তৰ প্ৰায় আধা অংশ৪৫১টা অধ্যায়ৰ ভিতৰত ২১২টা অধ্যায় ভাৰতত মিশ্ৰই কাম কৰা পূৰ্বৰ দুটা সিদ্ধান্তৰ পৰা হুবহু নকল কৰা হৈছিল।ছিংগাপুৰৰ আদালতে এই কথাত খৰ্গহস্ত হৈ পৰে আৰু কয় যে এইটো কৰাটো ন্যাৰ্য নহয়৷

মুখ্য ন্যায়াধীশ সুন্দৰেশ মেনন আৰু আন দুজন ন্যায়াধীশৰ নেতৃত্বত গঠিত আদালতে তিনিটা ডাঙৰ বিষয়ৰ সন্ধান লাভ কৰে। প্ৰথমতে, হুবহু নকল কৰিলে মিশ্ৰই ইতিমধ্যে সিদ্ধান্তই লোৱা যেন লাগিল, যিটো ন্যাৰ্য নহয়। দ্বিতীয়তে, গোচৰটোৰ পক্ষসমূহে কপি কৰা বস্তুবোৰৰ কথা কবলৈ সুযোগ নাপালে, যিয়ে শুনানিৰ নিয়ম ভংগ কৰিলে৷

তৃতীয়তে, মিশ্ৰাই পূৰ্বৰ গোচৰবোৰৰ কথা জানিছিল, কিন্তু তেওঁৰ গোটৰ বাকী দুজন সদস্যই নাজানিছিল, গতিকে তেওঁলোকে সঠিকভাৱে সিদ্ধান্ত লোৱাত সহায় কৰিব নোৱাৰিলে। ইয়াৰ ফলত গোটেই সিদ্ধান্তটো একপক্ষীয় যেন লাগিল।