NORTHEAST NOW (Assamese)

আমেৰিকা, ব্ৰাজিলৰ পাছে পাছে ভাৰত; দেশত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ১০ লাখ অতিক্ৰম

July 18, 2020 11:03 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

ভাৰতত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাছে পাছে গতি কৰিছে।

ভাৰতত বৰ্তমানলৈ ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যাই ১০ লাখৰ ঘৰ অতিক্ৰম কৰিছে।

দেশৰ স্বাস্থ্য আৰু পৰিয়ালকল্যাণ মন্ত্ৰ্যালয়ে শনিবাৰে উল্লেখ কৰা মতে, বৰ্তমানলৈ দেশত মুঠ ১০,৩৮,৭১৬ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।

আনহাতে, দেশত ক্ৰমাগত দ্বিতীয় দিনৰ বাবে ৩৪,০০০ কৈ অধিক লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।

দেশত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত এতিয়ালৈ ২৬,২৭৩ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

তদুপৰি, চিকিৎসাৰ অন্তত দেশত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা ৬,৫৩,৭৫০ গৰাকী লোকে আৰোগ্য লাভ কৰিছে।

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ব্ৰাজিলৰ পাছতে তৃতীয়খন দেশ হিচাপে ভাৰতত ক’ৰ’না আক্ৰান্তৰ সংখ্যাই ১০ লাখৰ ঘৰ অতিক্ৰম কৰিছে।

দেশৰ ভিতৰত মহাৰাষ্ট্ৰ আৰু দিল্লীত সৰ্বাধিক সংখ্যক লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে। মহাৰাষ্ট্ৰত আঢ়ৈ লাখতকৈ অধিক লোক আৰু দিল্লীত ডেৰ লাখতকৈ অধিক লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।

অসমতো ক’ৰ’না আক্ৰান্তৰ সংখ্যাই ২০,০০০ ৰ ঘৰ অতিক্ৰম কৰিছে।

Related News