NORTHEAST NOW (Assamese)
Popular Stories

হে দেৱী ৰক্ষা কৰা! কৰোণা ভাইৰাছৰ মূৰ্তি সাজি দেৱীৰূপে উপাসনা কৰা হ’ব এই মন্দিৰত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 19, 2021 4:42 pm

কৰোণা দেৱীৰ মূৰ্তি সাজি মহামাৰীৰ পৰা কৰোণাক উপাসনা কৰাৰ ব্যৱস্থা হাতত লোৱা হৈছে তামিলনাডুৰ এটা মন্দিৰত।

কইম্বাটোৰস্থিত কামাচ্ছিপুৰী অধীনম নামৰ এই মন্দিৰটোত কৰোণা  দেৱীৰ মূৰ্তি সজা হৈছে যাতে ভক্তসকল ক’ভিড-১৯ সংক্ৰমণৰ পৰা বাচি থাকে।

মন্দিৰটোৰ তত্বাৱধানৰ দায়িত্বত থকা শিৱলিংগেশ্বৰ নামৰ লোকজনে কয় যে প্লেগ আৰু অন্যান্য অসুখৰ পৰা ভক্তসকলক বচাই ৰাখিবলৈ এনেধৰণৰ ব্যৱস্থা লৈ অহা হৈছে।

উল্লেখযোগ্য যে তামিলনাডুৰ কইম্বাটোৰতে প্লেগ মহামাৰী নিবাৰণৰ বাবে প্লেগ মাৰিয়াম্মান মন্দিৰো নিৰ্মাণ কৰা হৈছিল।

ইণ্ডিয়া টুডে’ৰ এক বাতৰিমতে, ক’ভিড মহামাৰীৰ প্ৰতি সংগতি ৰাখি কামাচ্ছিপুৰী অধীনম মন্দিৰে কৰোণা দেৱীৰ এটা মূৰ্তি সাজিবলৈ ঠিৰাং কৰে।

তদুপৰি ৪৮ দিনৰ বাবে বিশেষ উপাসনা অনুষ্ঠানৰো আয়োজন কৰা হৈছিল।