NORTHEAST NOW (Assamese)
অসম

বঙাইগাঁৱৰ ক’ৰ’না আক্ৰান্ত কিশোৰীগৰাকীক MMCH লৈ প্ৰেৰণ; প্ৰশাসনে ছীল কৰিলে কেইবাখনো গাঁও

Posted by: ইয়াছিন আলী Updated by: ইয়াছিন আলী April 29, 2020 7:29 am
Patient death in MMCH, Guwahati

মঙলবাৰে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি দুজনকৈ ব্যক্তি নতুনকৈ ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা বুলি জনোৱাৰ পিছতে আতংকিত তথা শংকিত হৈ পৰিছে ৰাজ্যৰ সাধাৰণ জনতা।

টুইটাৰত প্ৰকাশ কৰা মতে বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত শালমাৰা গাঁৱৰ ১৬ বছৰীয়া এগৰাকী কিশোৰীৰ দেহত ক’ৰ’নাৰ অৱস্থিতি পোৱা গৈছে।

এই সংবাদ প্ৰচাৰ হোৱাৰ পিছৰে বঙাইগাঁও জিলাত এক আতংকমই পৰিৱেশে বিৰাজ কৰাৰ লগতে প্ৰশাসনে তৎপৰতা গ্ৰহণ কৰি জিলাখনৰ কেইবাখনো গাঁও ছীল কৰে।

উল্লেখ্য যে, মাণিকপুৰ ছোৱালী হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ ছাত্ৰী গৰাকীয়ে চাপৰত ক’ৰ’না ভাইৰাছত আক্ৰান্ত জামালুদ্দিনৰ সংস্পৰ্শলৈ আহিছিল। ইয়াৰ পিছতে যোৱা ৭ এপ্ৰিলত কিশোৰীগৰাকী সহ আৰু তেওঁলোকৰ পৰিয়ালৰ ৫ জন লোকক হোম কোৱাৰেণ্টাইন কৰিছিল স্বাস্থ্য বিভাগে।

প্ৰথম অৱস্থাত ফলাফল নেগেটিভ আহিছিল, যদিও পিছৰ পৰ্য্যায়ৰ পৰীক্ষাৰ অন্তত কিশোৰী গৰাকীৰ দেহত COVID-19 পজিটিভ পোৱা গৈছে বুলি স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে।

জানিব পৰা মতে মঙলবাৰে আবেলি কোভিদ-১৯ত আক্ৰান্ত কিশোৰী গৰাকীক চিকিৎসাৰ বাবে গুৱাহাটীৰ এম এম চি লৈ প্ৰেৰণ কৰিছে আৰু পৰিয়ালৰ আন সদস্য সকলক বঙাইগাঁও জিলাৰ নিৰ্দিষ্ট চিকিৎসালয়ত পুণৰ কোৱাৰেণ্টাইন কৰা হৈছে।