NORTHEAST NOW (Assamese)

ক’ৰ’নাৰ বিৰুদ্ধে যুঁজাৰ বাবে নিজৰ সমস্ত জমা ধন চৰকাৰলৈ আগবঢ়ালে এইজন অভিনেতাই

April 17, 2020 9:12 am · এন ই নাও নিউজ

দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ক’ৰ’না ভাইৰাছৰ সংহাৰ। সেয়ে সামাজিক দূৰত্ব বজাই ৰখাৰ স্বাৰ্থত দেশৰ প্ৰধান মন্ত্ৰী মোদীয়ে ৪০ দিনীয়া লকডাউন ঘোষণা কৰিছে।

ভয়াবহ ৰূপ ধাৰণ কৰা ক’ৰ’নাৰ এই সংকটৰ সময়ত সাধাৰণ লোক তথা চৰকাৰক সহায়ৰ বাবে আগবাঢ়ি আহিছে বলিউদৰ বিভিন্ন তাৰকা। ভাইৰাছবিধৰ বিৰুদ্ধে যুঁজাৰ বাবে অভিনেতা-অভিনেত্ৰীসকলে প্ৰধান মন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াইছে ধন।

এইবাৰ সহায় আগবঢ়োৱা তালিকাত নাম অন্তৰ্ভুক্ত হৈছে এজন টিভি তাৰকাৰ। টিভি অভিনেতা কৰণ ৱাহীয়ে ক’ৰ’নাৰ বিৰুদ্ধে যুঁজাৰ বাবে তেওঁৰ সম্পূৰ্ণ জমা ধন চৰকাৰক সাহায্য হিচাপে আগবঢ়াইছে।

অভিনেতাগৰাকীৰ এগৰাকী বান্ধবী আশা নেগীয়ে এই কথা ইনষ্টাগ্ৰামৰ জৰিয়তে ৰাজহুৱা কৰে।

অভিনেত্ৰীয় আশা নেগীয়ে কয় যে মই জানো কৰণে কেতিয়াও এই কথা ৰাজহুৱা নকৰে। সেয়ে তেওঁ এই কথা সকলোৰে লগত শ্বেয়াৰ কৰি আছে।

ইনষ্টাগ্ৰামত লিখিছে, ‍‘মই বহুত গৌৰৱ অনুভৱ কৰো যে মই কৰণৰ বন্ধু। কৰণে কোভিদ-১৯ৰ সাহায্যৰ বাবে নিজৰ সম্পূৰ্ণ জমা ধন আগবঢ়াইছে’।

Related News