NORTHEAST NOW (Assamese)

মাত্ৰ পাঁচ দিনহে বৰ্তি থাকিল ক’ৰ’না দেৱীৰ মন্দিৰ, কিন্তু কিয়?

June 13, 2021 2:47 pm · এন ই নাও নিউজ
Updated: June 13, 2021 2:48 pm

বিচিত্ৰ দেশ ভাৰতবৰ্ষত ধৰ্মৰ নামত কিমানে কি যে নকৰে। বাৰ মাহত তেৰটা পূজা কৰি ভালপোৱা ভাৰতৰ বহুঠাইৰ লোকক কেৱল মন্দিৰ সাজিবলৈ কিবা চেলু পালেই হ’ল, নিশাটোৰ ভিতৰতে মন্দিৰ হৈ উঠে সাজু।

দেশত ক’ৰ’না অতিমাৰীয়ে সংহাৰৰ সৃষ্টি কৰাৰ সময়তে ক’ৰ’না ভাইৰাছ কোনো দেৱতাৰ কোপদৃষ্টিত হোৱা বুলি ধাৰণা কৰি এখন গাঁৱৰ একাশ লোকে সাজিছিল ক’ৰ’না মাতা মন্দিৰ।

কিন্তু সেই মন্দিৰৰ আয়ূস বেছি দীঘলীয়া নহ’ল।উত্তৰপ্ৰদেশৰ শুক্লাপুৰ নামৰ গাঁও খনৰ একাংশ বাসিন্দাই দেশত ক’ৰ’নাৰ প্ৰকোপ কম কৰিবলৈ ক’ৰ’না দেৱীক সন্তুষ্ট কৰাৰ সিদ্ধান্ত লৈছিল।

সেই মৰ্মে ৰাইজৰ দান-বৰঙণিৰে সাজি উলিওৱা হৈছিল ক’ৰ’না মাতা মন্দিৰ।মন্দীৰত স্থাপন কৰা হৈচিল চাৰি খন হাতযুক্ত ক২ৰ’না দেৱীৰ মূৰ্তি নিম গছৰ তলত দেৱীয়ে চাৰিখন হাতেৰে সৈতে অৱস্থান কৰিছে।দেৱীৰ মুখত পিন্ধাই দিয়া হৈছিল মাস্ক।

পূজা কৰিবলৈ অহা ভক্তৰ বাবেও বান্ধি দিয়া হৈছিল কেতবোৰ বিশেষ নিয়ম। সেইমৰ্মে পূজা কৰিবলৈ অহাসকলে মানি চলিবলগীয়া হৈছিল কোভিড বিধি।

দেৱীক প্ৰসাদ হিচাবে আগবঢ়োৱা সকলো সামগ্ৰীয়েই হ’ব লাগিব হালধীয়া বৰণৰ।

দেৱীক অৰ্পণ কৰা ফুলো হালধীয়া হ’ব লাগিব। এনেবোৰ নিয়মৰ মাজৰে মন্দিৰটোত পূজা-পাঠ আৰম্ভ হৈছিল যদিও সেই মন্দিৰ স্থায়ী নহ’ল।কাৰণ মাটিৰ গৰাকীৰ কোনো অনুমতি নোলোৱাকৈ নিৰ্মাণ কৰা হৈছিল মন্দিৰটো।

সেইবাবেই আৰক্ষীয়ে মন্দিৰটো ভাঙি দিয়ে।বগৰাই দিয়া হ’ল ক’ৰ’না দেৱীৰ মূৰ্তি।

আৰক্ষীৰ এনে কাৰ্যত ভীষণ মৰ্মাহত হৈছে ক’ৰ’না মাতাৰ ভক্তগণ।

Related News