NORTHEAST NOW (Assamese)

অনিৰ্দিষ্টকাললৈ স্থগিত ৩৩তম গুৱাহাটী গ্ৰন্থমেলা

March 8, 2020 7:09 pm · এন ই নাও নিউজ
Updated: March 8, 2020 7:12 pm
প্ৰতিনিধিত্বমূলক ছবি। ফটো ইন্টাৰ্নেটৰ পৰা সংগৃহীত

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত অহা ১৪-ৰ পৰা ২৫ মাৰ্চলৈ গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অনুষ্ঠিক হ’ব লগা ৩৩তম গুৱাহাটী গ্ৰন্থমেলা অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হৈছে।

সম্প্ৰতি বিশ্বৰ বিভিন্ন স্থানত বিয়পি পৰা ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হয়, অসম প্ৰকাশন পৰিষদে আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত এই কথা জানিবলৈ দিয়ে।

ক’ৰ’না ভাইৰাছৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু কল্যাণ মন্ত্ৰালয়ে জাৰি কৰা সতৰ্কতামূলক ব্যৱস্থা তথা পৰামৰ্শ অনুসৰি অসম প্ৰকাশন পৰিষদে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হোৱা এই গ্ৰন্থমেলা স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ক’ৰ’না ভাইৰাছৰ বীজাণু যাতে বিয়পি পৰিব নোৱাৰে তাৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা হিচাপে যিকোনো গণসমাৱেশ সীমিত কৰিবলৈ পৰামৰ্শ দিছিল।

ইতিমধ্যে গ্ৰন্থমেলাত অংশগ্ৰহণৰ বাবে নিশ্চিতি প্ৰদান কৰা গ্ৰন্থ বিপনীসমূহক গ্ৰন্থমেলা স্থগিতকৰণৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰা হৈছে বুলি বিজ্ঞপ্তিত প্ৰকাশ।

Related News