NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’নাত আক্ৰান্ত ৰোগীয়ে বাতৰি কাকতত পঢ়িলে নিজৰ মৃত্যুৰ খবৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 26, 2020 7:15 pm
02a8b1ba6ad8435c5abbd64f771cc912

মধ্য প্ৰদেশৰ উজ্জেইনৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ এটা মাৰাত্মক ভুলে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। চহৰখনৰ কে আৰডি গাৰ্গী চিকিৎসালয়ৰ ভুলৰ বাবে চিকিৎসা গ্ৰহণ কৰিবলৈ যেৱা এজন যুৱকৰ মৃত্যুৰ খবৰ এখন বাতৰি কাকতত প্ৰকাশ পাইছে।

যুৱকজনে নিজৰ মৃত্যুৰ খবৰ বাতৰি কাকতত পঢ়াৰ পিছতেই মই জীয়াই আছো বুলি ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰে। লগে লগে এই ভিডিঅ’টো ভাইৰেল হৈ পৰে আৰু বিষয়টো স্বাস্থ্য বিভাগৰো অৱগত হয়।

ভিডিঅ’টো পোৱাৰ লগে লগে স্বাস্থ্য বিভাগে অনুসন্ধান আৰম্ভ কৰাৰ লগতে ঘটনাৰ সৈতে জৰিত চিকিৎসকক কাৰণ দৰ্শোৱা জাননী প্ৰদান কৰা বুলি জানিব পৰা গৈছে।

ভাইৰেল হোৱা ভিডিঅ’টোত ক’ৰ’নাত আক্ৰান্ত যুৱকজনে কয়, ‍‘মই দুদিন পূৰ্বে আৰডি গাৰ্গী চিকিৎসালয়ত ভৰ্তি হৈছিলো। মই শনিবাৰে এখন বাতৰি কাকতত পঢ়িছো যে মই মৰিছো, কিন্তু মই জীয়াই আছো’।

এই সন্দৰ্ভত উজ্জেইনৰ এগৰাকী শীৰ্ষ বিষয়া ডাঃ আনছুইয়া গৱালীয়ে কয়, ‍‘যোৱা বৃস্পতিবাৰে মৃত্যু হোৱা এগৰাকী ৬০ বছৰীয়া ক’ৰ’না আক্ৰান্তৰ ঠাইত এই যুৱকজনৰ নাম সন্নিৱিষ্ট হৈছে। এই ঘটনাৰ লগত জৰিত চিকিৎসকে নিজৰ ভুল মানি লৈছে। নাম আৰু ঠিকনাৰ ভুলৰ বাবেই এই ভুলটো সংঘটিত হোৱা বুলি তেওঁ জনাইছে’।

বিষয়াগৰাকীয়ে লগতে চিকিৎসক গৰাকীক কাৰণ দৰ্শোৱা জাননী প্ৰদান কৰাৰ কথা জানিবলৈ দিয়াৰ লগতে ভৱিষ্যতে যাতে এনেধৰণৰ ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ প্ৰতি নজৰ দিবলৈ আহ্বান জনায়।