NORTHEAST NOW (Assamese)
Popular Stories

২৭ এপ্ৰিল নহয়, ৩০ এপ্ৰিললৈকে আৱদ্ধ হৈ থকা লোকে যাব পাৰিব ঘৰলৈ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 26, 2020 7:08 pm
Lockdown: ASTC to run 100 city buses in Guwahati

অহা ২৭ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিললৈ বৃদ্ধি কৰিছে আন্তঃজিলা একমুখী যাত্ৰা। অহা ৩০ এপ্ৰিললৈকে নিজৰ বাসগৃহলৈ যাব পাৰিব ৰাজ্যৰ বিভিন্ন স্থানত আৱদ্ধ হৈ থকা লোকসকল।

এক সংবাদমেলত এই কথা ঘোষণা কৰিছে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি অহা ২৭ এপ্ৰিলৰ পৰিৱৰ্তে অহা ৩০ এপ্ৰিললৈকে ব্যক্তিগত বাহনেৰেও নিজৰ বাসগৃহলৈ যাব পাৰিব।

‘এতিয়ালৈকে ৰাজ্যৰ বিভিন্ন জিলাৰ জিলা উপায়ুক্তসকলে ৭৩০০০ আবেদন গ্ৰহণ কৰিলে। আজিলৈকে ২৬,৯৫০ গৰাকী লোক উভটি গৈছে। এতিয়াও ১১,৫৮৮ খন আবেদন প্ৰক্ৰিয়াৰ মাজত আছে।‘

ইপিনে, ৩৪,৫৫৯ খন আবেদন জিলা উপায়ুক্তসকলে গ্ৰহণ কৰিব নোৱাৰিলে বুলি উল্লেখ কৰি তেওঁ লগতে কয় ‘তেওঁলোকে ঘৰত থৈ পুনৰ ঘূৰি অহাৰ বাবে আবেদন কৰিছিল। কোনোবাই নিজৰ পুত্ৰ-জীয়ৰীক নিবলৈ আহি পুনৰ ঘৰলৈ যাবলৈ বিচাৰিছিল।‘

এইসকল লোকক ২৮, ২৯  আৰু ৩০ এপ্ৰিলত বাহন চলাচলৰ বাবে অনুমতি দিয়া হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

কিন্তু আগত অনুমতি লাভ কৰা বাহনৰ গৰাকীয়ে এই অনুমতি লাভ নকৰে বুলি মন্ত্ৰীগৰাকীয়ে সদৰী কৰে।

ইপিনে, অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছত যাত্ৰাৰ উদ্দেশ্যে বুকিং কৰাসকলৰ বাবেও অহা ৩০ এপ্ৰিললৈকে সীমা বৃদ্ধি কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে কয়।

মন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি কালিৰ দিনটোত ৰাজ্যত মুঠ ২৫৮৫ গৰাকী লোক বাছৰে উভটি যোৱাৰ লগতে আজিৰ দিনটোত ১১ হাজাৰ লোকক ঘৰলৈ পঠিওৱা হৈছে।

তেওঁ সংবাদমেলত লগতে কয় ‘এই ১ লাখ মানুহক গতি লগালে বাহিৰৰ পৰা অহা মানুহৰ গতি লগাব পৰা যাব। ৰাজ্যৰ ভিতৰত আবদ্ধ হৈ থকা লোকসকলৰ গতি লগাব নোৱাৰিলে ৰাজ্যৰ বাহিৰৰ পৰা অহা লোকসকল কোৱাৰেন্টাইন কৰাত অসুবিধা হ’ব।‘