NORTHEAST NOW (Assamese)
অসম

হ’টস্পট ধুবুৰী জিলাৰ পৰা কোকৰাঝাৰত প্ৰবেশ কৰিব নোৱাৰাকৈ ছীল কৰা হৈছে সীমান্ত পথ

Posted by: ৰিণয় বসুমতাৰী Updated by: ৰিণয় বসুমতাৰী April 26, 2020 6:44 pm
IMG-20200426-WA0061

বিশ্ব ব্যাপি কোভিড-১৯ ৰ পৰা পৰিত্ৰাণ পাবলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা দ্বিতীয় পৰ্য্যায়ৰ লকডাউন অব্যাহত।

মহামাৰী ক’ৰ’নাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে ভাগ কৰা হৈছে ৰেড জ’ন, য়েল্ল’ জ’ন আৰু গ্ৰীণ জ’ন। সৌভাগ্যৱানেৰে গ্ৰীণ জ’নত সন্নিৱিষ্ট হৈছে কোকৰাঝাৰ জিলা।

কিন্তু ক’ৰ’নাৰ পৰা একেবাৰে মুক্ত নহয়  কোকৰাঝাৰ। কাৰণ চুবুৰীয়া জিলা ধুবুৰী বৰ্তমান ৰেড জ’ন অৰ্থাৎ হোটস্পত জিলা বুলি চিনাক্ত হৈছে। তাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে কোকৰাঝাৰ জিলা  প্ৰশাসনে বন্ধ কৰিছে ধুবুৰী পৰা কোকৰাঝাৰত প্ৰবেশ কৰা নায়েকগাঁও আমগুৰীস্থিত সীমান্ত পথ।  কটকটীয়া নিৰাপত্তা ব্যবস্থাৰ জৰিয়তে তহল দি ৰেড জ’ন ধুবুৰী জিলাৰ পৰা আহি কোকৰাঝাৰত প্ৰবেশ কৰিব অহা যিকোনো বাহন আৰু লোকক ঘূৰাই  পঠিয়ালে নিৰাপত্তা বাহিনীয়ে।

কিন্তু উদ্ধেগজনক কথাটো হৈছে হোটস্পট জিলা ধুবুৰী পৰা কেইজনমান চৰকাৰী কৰ্মীয়ে কোকৰাঝাৰত কৰ্মস্থলীলৈ আহে। কোকৰাঝাৰ জিলা প্ৰশাসনে সীমান্ত পথ ছীল কৰিছে ঠিকে কিন্তু উক্ত পথেৰে কেইজনমান চৰকাৰী কৰ্মীয়ে প্ৰবেশ কৰে পৰীক্ষা নকৰাকৈ।

ছীল কৰা প্ৰবেশ দুৱাৰত নাই কভিড-১৯ পৰীক্ষাৰ কোনো ব্যবস্থা। সেয়ে যিসকল চৰকাৰী কৰ্মীয়ে ধুবুৰী পৰা কোকৰাঝাৰলৈ আহে তেওলোকৰ বাবে পৰীক্ষা কৰি প্ৰবেশ কৰোৱাৰ ব্যবস্থা যদি নকৰে তেন্তে কৰ’না সংক্ৰমণৰ সম্ভাৱনীয়তা  একেবাৰে প্ৰৱল।