NORTHEAST NOW (Assamese)

ক’ৰ’নাই গঢ়িলে ৰেকৰ্ড; এটা দিনত ১,০৬০০০ গৰাকী লোক আক্ৰান্ত

May 21, 2020 9:11 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

১৯ মে’ অৰ্থাৎ মঙলবাৰে বিশ্বজুৰি ক’ৰ’না ভাইৰাছে গঢ়িছে এটা নতুন ৰেকৰ্ড। এটা দিনত ক’ৰ’নাত আক্ৰান্ত হোৱা লোকৰ সকলো সংখ্যা মঙলবাৰৰ দিনটোত অতিক্ৰম কৰিছে।

তথ্যৰ পৰা জানিব পৰা মতে মঙলবাৰে সৰ্বমুঠ ১০৬,০০০ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছিল।

আক্ৰান্তৰ সংখ্যাৰ দিশৰ পৰা চীনত আৰম্ভ হোৱা দিনটোৰ পৰা আজিলৈকে এয়াই সৰ্বাধিক।

উল্লেখ্য যে বিশ্বত এই পৰ্যন্ত ৪৯ লাখ ৮৬ হাজাৰ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হোৱাৰ বিপৰীতে ৩ লাখ ২৪ হাজাৰ লোকে প্ৰাণ হেৰুৱাইছে।

ইফালে বিশ্বৰ সৰ্বাধিক শক্তিশালী দেশ আমেৰিকাত হ্ৰাস পোৱা নাই ক’ৰ’না ভাইৰাছৰ সংহাৰ। দেশখনত এই পৰ্যন্ত ৯৩ হাজাৰৰো অধিক লোক ক’ৰ’নাৰ ফলত মৃত্যু হৈছে।

আমেৰিকাত এই পৰ্যন্ত ১৫ লাখ ৭০ হাজাৰৰো অধিক লোক মহামাৰী ক’ৰ’নাত আক্ৰান্ত হৈছে। জানিব পৰা মতে দেশখনত যোৱা ২৪ ঘণ্টাত মৃত্যু ঘটিছে ১৫৬১ গৰাকী লোকৰ।

আনহাতে ভাৰতত এতিয়ালৈকে ১,০৬,৭৫০ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হোৱাৰ বিপৰীতে ৩,৩০৩ গৰাকী লোকৰ মৃত্যু ঘটিছে।

Related News