NORTHEAST NOW (Assamese)

হাফলঙত ক’ৰ’না ভাইৰাছ সম্পৰ্কে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সজাগতা সৃষ্টি

March 16, 2020 7:29 am · পংকজকুমাৰ দেব

চীন, ইটালীকে ধৰি বিশ্বৰ বিভিন্ন দেশত আতংকৰ সৃষ্টি কৰা ক’ৰ’না ভাইৰাছে ভাৰততো এতিয়া গুৰুতৰ ৰূপ ল’বলৈ আৰম্ভ কৰিছে। দেশত এইপৰ্যন্ত ১০০টকৈ অধিক লোক আক্ৰান্ত হোৱাৰ লগতে ২ লোকৰ ইতিমধ্যে মৃত্যু হৈছে।

অসম চৰকাৰে ক’ৰ’নাৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ১৫ মাৰ্চৰ পৰা ২৯ মাৰ্চলৈ ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান, চুইমিং পুল, ছবিগৃহ আদি বন্ধ ৰখাৰ নিৰ্দেশ দিছে।

ইয়াৰ মাজতে ছাত্ৰ সমাজক ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ সম্পৰ্কে আৰু অধিক সজাগ কৰাৰ উদ্দেশ্যৰে অলপতে হাফলং চহৰৰ ওচৰৰ জি চি লাঙঠাচা হাইস্কুলত এখন সজাগতামূলক সভা অনুষ্ঠিত হয়।

বিদ্যালয় কৰ্তৃপক্ষয়ে আয়োজন কৰা উক্ত সভাত প্ৰধান শিক্ষয়ত্ৰী এম চুচিয়াঙে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যী কয়, ‘আজিৰ দিনত চৌদিশে ক’ৰ’না ভাইৰাছৰ আতংকই ৰাইজক ভীতিগ্ৰস্ত কৰিছে। কিন্তু আমি অকল আতংকিত হ’লে নহ’ব,  আমি সজাগ আৰু  সচেতন হ’ব লাগিব।’

বিদ্যালয়খনৰ দুই শতাধিক ছাত্ৰ-ছাত্ৰী ভাগ লোৱা সজাগতা অনুষ্ঠানটোত ছাত্ৰ-ছাত্ৰীসকলক কেনেদৰে চাবুনেৰে ভালকৈ হাত ধুব লাগে তাক শিকোৱা হয়।

Related News