NORTHEAST NOW (Assamese)

৭৪ হাজাৰ অতিক্ৰম ক’ৰ’না আক্ৰান্তৰ সংখ্যা, এই পৰ্যন্ত মৃত্যু হৈছে ২৪১৫ গৰাকী লোকৰ

May 13, 2020 10:08 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

চীনৰ য়ুহান চহৰৰ পৰা বিশ্বৰ সকলো প্ৰান্তলৈ সম্প্ৰসাৰিত হোৱা ক’ৰ’না ভাইৰাছে অব্যাহত ৰাখিছে সংহাৰ। ইয়াৰ ব্যতিক্ৰম নহয় ভাৰতো।

ভাৰতত দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে ক’ৰ’নাৰ সংক্ৰমণ। স্বাস্থ্য মন্ত্ৰ্যালয়ে জনোৱা অনুসৰি এই পৰ্যন্ত দেশত ৭৪,২৮১ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে।

আনহাতে ২৪১৫ গৰাকী লোক ক’ৰ’নাৰ বাবে মৃত্যুমুখত পৰিছে। ইফালে এই পৰ্যন্ত ২২ হাজাৰৰো অধিক লোক এই ৰোগ বিধৰ পৰা সুস্থ হৈ উঠিছে।

ক’ৰ’নাই দেশৰ ভিতৰত সৰ্বাধিক প্ৰভাৱ পেলোৱা ৰাজ্যখন হৈছে মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰত এই পৰ্যন্ত ২৪ হাজাৰৰো অধিক লোক ক২ৰ’নাত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ৯২১ গৰাকী লোকৰ।

আনহাতে দিল্লীত ৭৬৩৯ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে আৰু ৮৬ গৰাকী লোকৰ মৃত্যু হৈছে।

ইফালে বিশ্বজুৰি ৪৩,১০,৪৩৬ গৰাকী লোক এই ভাইৰাছবিধৰ কৱলত পৰিছে। মৃত্যু হৈছে ২,৯১,৯৪২ গৰাকী লোকৰ।

বিশ্বৰ ভিতৰতে সৰ্বাধিক লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে আমেৰিকাত। তদুপৰি স্পেইন, ইটালী আদি দেশকো ক’ৰ’না ভাইৰাছৰ সংক্ৰমণে সংহাৰ সৃষ্টি কৰিছে।

Related News