NORTHEAST NOW (Assamese)

ইটালিত অব্যাহত আছে ক’ৰ’নাৰ সংহাৰ; বৃহস্পতিবাৰে ৬৬২ গৰাকী লোকে হেৰুৱালে প্ৰাণ

March 27, 2020 8:44 am · এন ই নাও নিউজ
Updated: March 27, 2020 9:28 am
প্ৰতিনিধিত্বমূলক চিত্ৰ

ইটালি আৰু স্পেইনত অব্যাহত আছে ক’ৰ’না ভাইৰাছৰ সংহাৰ। ইটালিত নতুনকৈ ৬,১৫৩ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হোৱাৰ খবৰ আহিছে।

ৱাশ্বিংটনৰ জন হপকিন্স য়ুনিভাৰ্চিটিৰ মতে ইটালিত এই ভাইৰাছবিধ নতুনকৈ ৬,১৫৩ গৰাকী লোকৰ দেহত ধৰা পৰিছে। দেশখনত এই পৰ্যন্ত ৮০,৫৮৯ গৰাকী লোক আক্ৰান্ত হৈছে। সংক্ৰমণৰ সংখ্যা চীনক স্পৰ্শ কৰিলে।

ইটালিৰ চিভিল প্ৰ’টেকশ্যন এজেন্সিৰ ৰিপ’ৰ্ট অনুসৰি দেশখনত বৃহস্পতিবাৰে ৬৬২ গৰাকী লোকৰ মৃত্যু হৈছে। দেশখনত ক’ৰ’নাত মৃত্যু হোৱা লোকৰ সৰ্বমুঠ সংখ্যা হ’ল ৮,২১৫। এই সংখ্যা বিশ্বৰ ভিতৰতে সৰ্বাধিক।

ইটালিৰ দৰে স্পেইনতো অব্যাহত আছে ক’ৰ’নাৰ সংহাৰ। দেশখনত ক’ৰ’নাৰ ফলত মৃত্যুৰ সংখ্যাই ভাইৰাছবিধৰ উৎপত্তিস্থল চীনক চেৰ পেলাই গ’ল।

উল্লেখ্য যে যোৱা বছৰ ডিচেম্বৰ মাহত চীনত উৎপত্তি হোৱা ক’ৰ’না ভাইৰাছে বৰ্তমান বিশ্বত সংহাৰী ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। জন হপকিন্স য়ুনিভাৰ্চিটিৰ মতে স্পেইনত এই পৰ্যন্ত ৪,৩৬৫ গৰাকী লোকৰ মৃত্যু হৈছে।

আনহাতে দেশখনত ক’ৰ’নাত আক্ৰান্ত হৈছে ৫৭,৭৮৬ গৰাকী লোক। ইয়াৰে ৭,০১৫ গৰাকী সম্পূৰ্ণৰূপে সুস্থ হোৱা বুলিও জানিব পৰা গৈছে।

ক’ৰ’না ভাইৰাছৰ উৎপত্তিস্থল চীনত চৰকাৰী তথ্য মতে ৩,২৯১ গৰাকী লোক ইয়াৰ ফলত মৃত্যু হৈছে।

Related News