NORTHEAST NOW (Assamese)

জিঅ’ৰ নতুন “ৱৰ্ক ফ্ৰম হ’ম” প্লেনত কি সুবিধা আছে

March 24, 2020 9:47 pm · এন ই নাও নিউজ
Updated: March 24, 2020 9:50 pm

কৰ’নাভাইৰাছৰ বাবে সমগ্ৰ ভাৰততে লকডাউন ঘোষণা কৰাৰ মাজতে জিঅ’ই এক “ৱৰ্ক ফ্ৰম হ’ম” প্লেন মুকলি কৰিছে।

২৫১ টকাৰ এই প্লেনটোৱে ৫১ দিনৰ ভেলিডিটিৰে সৈতে দৈনিক ২জিবি ডেটা আগবঢ়াব।

প্লেনটোত ভইচ কল আৰু মেছেজ কৰাৰ সুবিধা নাথাকিব।

নিৰ্ধাৰিত ডেটা শেষ হোৱাৰ পিছত গ্ৰাহকসকলে ৬৪ কেবিপিএছ স্পীডত ডেটা পাব।

বহুবিলাক কোম্পানিয়ে কৰ্মচাৰীক ঘৰৰ পৰাই কাম কৰিবলৈ দিয়াৰ বাবেই জিঅ’ই এই প্লেন আগবঢ়াইছে বুলি বিবৃতিত প্ৰকাশ।

জিঅ’ৰ ভইচ কলিং আৰু ডেটা দুয়োটা সুবিধা থকা প্লেনতকৈ এই প্লেনৰ মূল্য যথেষ্ট কম।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে কৰ’নাভাইৰাছ প্ৰতিহত কৰাৰ বাবে সমগ্ৰ দেশত ২১ দিনৰ লকডাউন ঘোষণা কৰিছে।

প্ৰধান মন্ত্ৰীয়ে দেশৰ প্ৰত্যেকজন লোককে মহামাৰীবিধক গুৰুত্বসহকাৰে লৈ ঘৰতে থাকিবলৈ আহ্বান জনাইছে।

ইতিমধ্যে দেশৰ অধিকাংশ জিলাতে লকডাউন ঘোষণা কৰা হৈছিল। কিন্তু প্ৰধান মন্ত্ৰীগৰাকীৰ ঘোষণাৰ পিছত সমগ্ৰ দেশতে এই লকডাউন বলৱৎ হ’ব।

ভাৰতত কৰ’নাভাইৰাছ আক্ৰান্তৰ সংখ্যাই মঙলবাৰে পাঁচশৰ সীমা অতিক্ৰম কৰিছে।

ৰাতিলৈকে এই সংখ্যা আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

দেশত ৫১৯ গৰাকী কৰ’নাভাইৰাছ আক্ৰান্ত ৰোগী চিনাক্ত হৈছে। নজন লোক মৃত্যুমুখত পৰিছে।

দেশৰ ভিতৰত আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে মহাৰাষ্ট্ৰ। মঙলবাৰে ৰাজ্যখনত কৰ’নাভাইৰাছত আক্ৰান্তৰ সংখ্যাই ১০৬ চুইছেগৈ।

Related News