NORTHEAST NOW (Assamese)

কৰ’নাভাইৰাছ সম্পৰ্কীয় হেল্পলাইন নম্বৰ

March 24, 2020 10:26 pm · এন ই নাও নিউজ
Updated: March 24, 2020 10:28 pm
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে মহামাৰীৰ কৰ’নাভাইৰাছ সম্পৰ্কীয় কিছু হেল্পলাইন নম্বৰ মুকলি কৰিছে।

সমগ্ৰ দেশৰ বাবে মুকলি কৰা হেল্পলাইন নম্বৰটো হৈছে +91-11-23978046 (।)

তাৰোপৰি ৰাজ্যসমূহৰ বাবেও পৃথক হেল্পলাইন নম্বৰৰ ব্যৱস্থা কৰা হৈছে।

অসমৰ কৰ’নাভাইৰাছ সম্পৰ্কীয় হেল্পলাইন নম্বৰ হৈছে 6913347770 (।)

তাৰোপৰি ৰাজ্যসমূহত পূৰ্বৰ পৰাই থকা অন্যান্য হেল্পলাইন নম্বৰসমূহো চলি আছে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে কৰ’নাভাইৰাছ প্ৰতিহত কৰাৰ বাবে সমগ্ৰ দেশত ২১ দিনৰ লকডাউন ঘোষণা কৰিছে।

প্ৰধান মন্ত্ৰীয়ে দেশৰ প্ৰত্যেকজন লোককে মহামাৰীবিধক গুৰুত্বসহকাৰে লৈ ঘৰতে থাকিবলৈ আহ্বান জনাইছে।

ইতিমধ্যে দেশৰ অধিকাংশ জিলাতে লকডাউন ঘোষণা কৰা হৈছিল। কিন্তু প্ৰধান মন্ত্ৰীগৰাকীৰ ঘোষণাৰ পিছত সমগ্ৰ দেশতে এই লকডাউন বলৱৎ হ’ব।

ভাৰতত কৰ’নাভাইৰাছ আক্ৰান্তৰ সংখ্যাই মঙলবাৰে পাঁচশৰ সীমা অতিক্ৰম কৰিছে।

ৰাতিলৈকে এই সংখ্যা আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

দেশত ৫১৯ গৰাকী কৰ’নাভাইৰাছ আক্ৰান্ত ৰোগী চিনাক্ত হৈছে। নজন লোক মৃত্যুমুখত পৰিছে।

দেশৰ ভিতৰত আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে মহাৰাষ্ট্ৰ। মঙলবাৰে ৰাজ্যখনত কৰ’নাভাইৰাছত আক্ৰান্তৰ সংখ্যাই ১০৬ চুইছেগৈ।

Related News