NORTHEAST NOW (Assamese)

যোৱা ২৪ ঘণ্টাত দেশত ৭৮,৫২৪ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত, ৯৭১ গৰাকীৰ মৃত্যু

October 8, 2020 11:36 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

মহামাৰী ক’ৰ’না ভাইৰাছৰ সংহাৰে দেশবাসীৰ মাজত আতংকৰ সৃষ্টি কৰিছে। প্ৰতিদিনে হাজাৰ হাজাৰ লোক নতুনকৈ এই ভাইৰাছবিধৰ কৱলত পৰিছে।

দেশৰ স্বাস্থ্য মন্ত্ৰ্যালয়ে জনোৱা অনুসৰি যোৱা ২৪ ঘণ্টাত অৰ্থাৎ বুধবাৰৰ পুৱা ৮ বজাৰ পৰা বৃহস্পতিবাৰৰ পুৱা ৮ বজালৈকে দেশত ৭৮,৫২৪ গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে।

দেশত এতিয়া মুঠ আক্ৰান্তৰ সংখ্যা ৬৮,৩৫,৬৫৬ গৰাকীলৈ বৃদ্ধি পালে।

আনহাতে, এই মহামাৰী ভাইৰাছৰ ফলত যোৱা ২৪ ঘণ্টাত ৯৭১ গৰাকী লোকৰ মৃত্যু হোৱা বুলি তথ প্ৰকাশ কৰিছে।

এই পৰ্যন্ত দেশত মুঠ ১,০৫,৫২৬ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে সুস্থ হৈ উঠা লোকৰ মুঠ সংখ্যা হৈছে ৫৮,২৭,৭০৫ গৰাকী।

ইফালে মুঠ আক্ৰান্তৰ ভিতৰত ৯,০২,৪২৫ গৰাকী ৰোগী বৰ্তমান সক্ৰিয় হৈ আছে। ইয়াৰে কিছু সংখ্যকৰ চিকিৎসা হাস্পতালত চলাৰ বিপৰীতে কিছু সংখ্যক ৰোগী সম্পূৰ্ণ নীতি নিয়মৰ মাজেৰে হোম আইছ’লেশ্যনত আছে।

আই চি এম আৰে প্ৰকাশ কৰা অনুসৰি বুধবাৰলৈকে দেশত ৮,৩৪,৬৫,৯৭৫ গৰাকী লোকৰ ক’ৰ’না টেষ্ট কৰা হৈছে। ইয়াৰে ১১,৯৪,৩২১ গৰাকী লোকক যোৱা ২৪ ঘণ্টাত টেষ্ট কৰা হৈছে।

Related News