NORTHEAST NOW (Assamese)

ক’ৰ’নাৰ পৰা বাচিবলৈ ভাৰতৰ লগতে ১৪খন দেশৰ যাত্ৰীৰ প্ৰৱেশত নিষেধাজ্ঞা কাটাৰৰ

March 9, 2020 10:00 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

বিশ্বৰ বিভিন্ন দেশত ক’ৰ’না ভাইৰাছত আক্ৰান্ত লোক ধৰা পৰাৰ পিছতে কাটাৰে ৯ মাৰ্চৰ পৰা ভাৰতৰ লগতে আন ১৪ খন দেশৰ নাগৰিকৰ প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰিছে।

বিশ্বৰ বিভিন্ন দেশে এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ পিছতেই কাটাৰেও সাময়িকভাৱে পৰ্যটকৰ প্ৰৱেশত নিষেধাজ্ঞা জাৰি কৰে।

কাটাৰে ভাৰতৰ লগতে নিষিদ্ধ কৰা আন দেশ কেইখন হৈছে চীন, ইজিপ্ট, ইৰান, ইৰাক, লেবানন, বাংলাদেশ, নেপাল, পাকিস্তান, ফিলিপাইনছ, দক্ষিণ কোৰিয়া, শ্ৰীলংকা, চিৰিয়া আৰু থাইলেণ্ড।

কাটাৰ এয়াৰৱেছে ইতিমধ্যে ইটালীলৈ অহা যোৱা কৰা সকলো ফ্লাইট সেৱা বন্ধ কৰি দিছে।

দেশখনত যাতে মহামাৰী হিচাপে চিহ্নিত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই চৰকাৰে এই সিদ্ধান্ত লৈছে।

উল্লেখ্য যে ভাৰতত বৰ্তমানলৈকে ক’ৰ’না ভাইৰাছ আক্ৰান্তৰ সংখ্যা ৪৩ চুইছেগৈ। উত্তৰ প্ৰদেশ, জম্মু কাশ্মীৰ, দিল্লী আৰু কেৰালাৰ এজন এজন লোক নতুনকৈ এই ভাইৰাছত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে।

চীন, ইটালীৰ লগতে বিভিন্ন প্ৰান্তত এই ভাইৰাছবিধৰ ফলত মৃত্যুমুখত পৰিছে যদিও এই পৰ্যন্ত ভাৰতত মৃত্যুৰ বাতৰি লাভ কৰা হোৱা নাই।

Related News