NORTHEAST NOW (Assamese)
অসম

গোৱালপাৰাত বিশুদ্ধ খোৱাপানী আঁচনিৰ পানী খেতিপথাৰত যোগান ধৰি বিষয়াই লুটিছে ধন

Posted by: নীলমণি শৰ্মা Updated by: নীলমণি শৰ্মা June 24, 2019 11:25 am
Goalpara Public Health DePARTMENT

গোৱালপাৰা জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে জিলাখনৰ বলবলাৰ ফফংগা-খাগ্ৰাবাৰীৰ জনসাধাৰণক বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ নামত লাখ লাখ চৰকাৰী টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা পানীযোগান আঁচনিৰ দ্বাৰা বৰ্তমান মানুহক খোৱাপানী যোগান ধৰাৰ পৰিবৰ্তে বিশুদ্ধ খোৱাপানী ব্যৱহাৰ কৰা হৈছে খেতিপথাৰত।

অঞ্চলটোৰ ৰাইজে দীৰ্ঘদিনধৰি এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰি থকা অৱস্থাত এনেদৰে বিভাগটোৱে খোৱাপানীটুপি খেতিপথাৰত ব্যৱহাৰ কৰা কাণ্ডই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে অঞ্চলটোৰ ৰাইজৰ মাজত।

লাভ কৰা খবৰ অনুসৰি বিশুদ্ধ খোৱাপানী যোগান আঁচনিৰ অধীনত নিৰ্মাণহোৱা পানীযোগান আঁচনিটোৰ দুডালমান পানী পৰিবাহী পাইপ ফাটি যোৱাৰ ফলত অঞ্চলটোৰ জনসাধাৰণৰ মাজত খোৱাপানীৰ যোগান বন্ধ কৰি থৈ দিয়া হৈছে।

আনহাতে, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ওপৰত উত্থাপিত অভিযোগ অনুসৰি বিভাগটোৱে প্ৰতিবিঘা মাটিত পানী যোগানৰ নামত ধন লৈ খোৱাপানী আঁচনিৰ পানী খেতিপথাৰত যোগান ধৰি আহিছে। জানিবপৰা মতে এগৰাকী বিষয়াই প্ৰতিবিঘা মাটিত পানী যোগানৰ নামত এহাজাৰকৈ টকা লাভ কৰে।

ৰাইজে ফটি যোৱা পাইপ মেৰামতি কৰাৰ বাবে বিভাগটোক বহুবাৰ অভিযোগ দাখিল কৰে যদিও আজিলৈ তেওঁলোকে খোৱাপানীৰ পাইপ মেৰামতি নকৰি সেইপানী খেতিপথাৰত যোগান ধৰি অৰ্থ উপাৰ্জনতহে ব্যস্ত হৈছে।

দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতিৰ কথা কোৱা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে বাতৰি প্ৰকাশ পোৱাৰ পাছত গোৱালপাৰা জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ওপৰত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব।