NORTHEAST NOW (Assamese)

কটন বিশ্ববিদ্যালয়ত ড০ হীৰেন গোহাঁইৰ ৰাভা স্মৰণ বক্তৃতাৰে বিষ্ণু প্ৰসাদ ৰাভা দিৱস উদযাপন

June 21, 2025 12:28 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: June 21, 2025 12:32 pm

২০ জুন তাৰিখে কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ তৰ্ক আৰু আলোচনা চক্র বিভাগৰ উদ্যোগত আৰু দীনবন্ধু NGO ৰ সহযোগত ৰাভা দিৱস উদযাপন কৰা হয়।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহকাৰী সাধাৰণ সম্পাদিকা নৈমিষা শইকীয়াই এটি ৰাভা সংগীতেৰে আৰম্ভ কৰা অনুষ্ঠানটোত হীৰেন গোহাঁইয়ে “বিষ্ণু ৰাভা: ৰাভাৰ জীৱন দৰ্শন আৰু আদৰ্শৰ সাম্প্ৰতিক সময়ত প্ৰাসংগিকতা” শীর্ষক তত্বগধুৰ বক্তৃতাৰে ৰাভাক স্মৰণ কৰে।

ৰাইজৰ দলৰ মুখ পাত্ৰ অংকুমান বৰদলৈ, ছাত্র মুক্তি সংগ্রাম সমিতি কেন্দ্রীয় কার্যকৰী সভাপতি অনিন্দিতা দাস সমাজকৰ্মী নুৰ আলমকে প্ৰমূখ্য কৰি ছাত্ৰছাত্ৰী সকলৰ উপস্থিতিয়ে অনুষ্ঠানটো সফল কৰি তোলে।

Related News