NORTHEAST NOW (Assamese)

বিশ্বৰ এইকেইখন দেশত নাই সেনা বাহিনী, নাই কোনো প্ৰতিৰক্ষা খৰচ…

October 20, 2025 7:35 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: October 20, 2025 6:54 pm

বিশ্বৰ সকলো দেশেই নিজৰ সাৰ্বভৌমত্ব আৰু নিৰাপত্তাৰ স্বাৰ্থত প্ৰতিৰক্ষা বাজেটত বৃহৎ হাৰত খৰচ কৰি আহিছে। আমেৰিকাৰ প্ৰতিৰক্ষা বাজেট ৯১৬ বিলিয়ন ডলাৰ (প্ৰায় ৮৪ লাখ কোটি টকা) আৰু ভাৰতৰ ৬ লাখ ৮১ হাজাৰ কোটি টকা খৰচ কৰে। তেনে স্থলত  কেইখনমান দেশ এই ক্ষেত্ৰত সম্পূৰ্ণ উদাসীনতা প্ৰকাশ কৰিছে। অসম্ভৱ লাগিলেও সত্য যে এই দেশসমূহৰ কোনো সেনা বাহিনী বা প্ৰতিৰক্ষা ব্যৱস্থাই নাই, সেয়ে তেওঁলোকৰ প্ৰতিৰক্ষাৰ বাবে কোনো খৰচৰ প্ৰয়োজন নহয়।

দক্ষিণ আমেৰিকাৰ কোষ্টা ৰিকাই ১৯৪৯ চনত সাহসী সিদ্ধান্ত লৈ নিজৰ সেনা বাহিনী প্ৰত্যাৰ কৰিছিল। নিকাৰাগুয়া আৰু পানামাৰ মাজত অৱস্থিত এই দেশ আজি সৰ্বাধিক সুখী আৰু স্থিৰতা প্ৰাপ্ত দেশ হিচাপে পৰিচিত।

ইউৰোপৰ আইচলেণ্ডতো কোনো সামৰিক বাহিনী নাই; তেওঁলোক নাটোৰ ওপৰত নিৰ্ভৰ কৰে আৰু ভৌগোলিক বিচ্ছিন্নতাৰ বাবে শক্তিশালী উপকূল ৰক্ষক বাহিনী আছে।

লিচেনষ্টাইনই ১৮৬৮ চনত নিজৰ সেনা ভংগ কৰি চুইজাৰলেণ্ডৰ সহায়ত আৰক্ষী বাহিনীৰ জৰিয়তে নিৰাপত্তা নিশ্চিত কৰে। পানামাই ১৯৯০ চনত সামৰিক বাহিনী বিলুপ্ত কৰি আমেৰিকাৰ ওপৰত নিৰ্ভৰ কৰে।

একেদৰে বিশ্বৰ সৰ্বক্ষুদ্ৰতম ৰাষ্ট্ৰ ভেটিকানৰো সেনা নাই, কিন্তু পোপৰ সুৰক্ষাৰ বাবে চুইছ গাৰ্ড নামৰ বিশেষ দল আছে। ইটালীয়ে এই ৰাজ্যৰ নিৰাপত্তাৰ দায়িত্ব বহন কৰে। এই দেশসমূহৰ এই সিদ্ধান্তই দেখুৱাই দিয়ে যে শান্তি আৰু কূটনৈতিক সম্পৰ্ক প্ৰতিৰক্ষাৰ পৰিবৰ্তে অধিক গুৰুত্বপূৰ্ণ।

Related News