NORTHEAST NOW (Assamese)

অধিক বিপদত নীৰৱ মোদী, এইবাৰ  প্ৰিয় গাড়ী দুখনৰো হ’ব নিলাম

November 22, 2025 7:00 pm · এন ই নাও নিউজ, গুৱাহাটী

অধিক বিপদত পৰিছে নীৰৱ মোদী। এইবাৰ ঋণ পৰিশোধ নকৰাৰ প্ৰিয় গাড়ীখনো নিলাম কৰা হ’ব। এই পৰ্যন্ত নীৰৱৰ পৰা তিনিখন গাড়ী জব্দ কৰিছে ইডিয়ে। যাৰ মুঠ মূল্য এক কোটি টকাতকৈও অধিক। দীৰ্ঘদিন ধৰি ইডিয়ে সেই গাড়ীবোৰ নিলাম কৰিবলৈ অনুৰোধ কৰি আহিছিল। আৰু অৱশেষত আদালতে অনুমতি প্ৰদান কৰিছে।

নীৰৱৰ পৰা জব্দ কৰা গাড়ী কেইখন হৈছে স্কোডা ছুপাৰব এলিগেন্স, যাৰ মূল্য ৭.৫ লাখ টকা। মাৰ্চিডিজ বেঞ্জ ৪মেটিক এফ এল ৩৫০ চিডিআই, যাৰ দাম ৫৪ লাখ টকা। মাৰ্চিডিজ বেঞ্জ GLE250, যাৰ দাম ৩৯ লাখ টকা। মুঠতে যাৰ মূল্য প্ৰায় এক কোটি টকা। কিন্তু মুম্বাইৰ বিশেষ আদালতে তিনিখন গাড়ীৰ ভিতৰত দুখন গাড়ী নিলামৰ অনুমতি দিছে। ইডিয়ে দাবী কৰিছিল যে জব্দ কৰাৰ পিছৰে পৰা গাড়ীকেইখন অচল হৈ পৰি আছে। এইদৰে গাড়ীৰ মূল্য কমিহে গৈ আছে। গতিকে তৎক্ষণাত নিলাম কৰিবলৈ দিয়া উচিত। সেই যুক্তিৰ ভিত্তিত আদালতে অনুমতি দিছে। অৱশ্যে নিলামৰ পৰা লাভ কৰা ধন আপাততঃ ফিক্সড ডিপ’জিটত ৰাখিব লাগিব।

উল্লেখ্য যে পিএনবিকে ধৰি কেইবাটাও ভাৰতীয় বেংকক প্ৰতাৰণা কৰি নীৰৱ মোদীয়ে দেশ এৰি পলায়ন কৰে। তেওঁৰ আত্মীয় মেহুল চোকচিও একে ধৰণে পলায়ন কৰে। তাৰ পিছত ২০১৯ চনৰ ১৪ মাৰ্চত লণ্ডনৰ বেংকত একাউণ্ট খুলিবলৈ চেষ্টা কৰি থকা অৱস্থাত নীৰৱ মোদীক গ্ৰেপ্তাৰ কৰা হয়। প্ৰায় এবছৰৰ পূৰ্বে তেওঁ আদালতত কৈছিল, “মোৰ সকলো সম্পত্তি জব্দ কৰা হৈছে। মই উকীলৰ মাচুলো দিব নোৱাৰো।” ইয়াৰ লগতে তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ ভিত্তিহীন বুলিও দাবী কৰা দেখা যায়। কিছুদিন পূৰ্বে আদালতে তেওঁৰ এটা ফ্লেট বিক্ৰীৰ অনুমতি দিছিল। এতিয়া ইডিয়ে অধিক সম্পত্তি জব্দ কৰিছে। অৱশ্যে লণ্ডনৰ পৰা বিভিন্ন আইনী প্ৰক্ৰিয়াৰে নিজৰ সম্পত্তি ক্ষিপ্ৰতাৰে বিক্ৰীৰ প্ৰক্ৰিয়াত বাধা দিবলৈ চেষ্টা চলাইছে নীৰৱ মোদীয়ে। নীৰৱক প্ৰত্যাৰ্পণৰ বাবে ব্ৰিটিছ চৰকাৰৰ সৈতে আলোচনাত মিলিত হৈছে কেন্দ্ৰ চৰকাৰ।

Related News