NORTHEAST NOW (Assamese)

জুবিনৰ মৃত্যুৰ গোচৰত শ্যামকানু মহন্তৰ জামিন আৱেদন; ৩০ এপ্ৰিললৈকে নিৰ্দেশ সংৰক্ষিত আদালতৰ

April 23, 2026 6:35 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 21, 2026 10:58 am

অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম মূল অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত বিশেষভাৱে গঠিত ফাষ্ট ট্ৰেক আদালতে আজি (২৩ এপ্ৰিল) ইয়াৰ নিৰ্দেশ ৩০ এপ্ৰিললৈকে সংৰক্ষিত কৰি ৰাখিছে।

আদালতে মহন্তৰ অধিবক্তা প্ৰাণ বৰা আৰু ৰাজদ্বীপ বেনাৰ্জীয়ে যুক্তি আগবঢ়োৱা মহন্তৰ জামিন আবেদনৰ শুনানি সমাপ্ত কৰে। ফাষ্ট ট্ৰেক আদালতে দৈনিক এই গোচৰৰ শুনানি গ্ৰহণ কৰি আহিছে।

ইপিনে, অভিযুক্তৰ ভিতৰৰ সিদ্ধাৰ্থ শৰ্মাৰ হৈও জামিন আৱেদন দাখিল কৰা হয়। দাখিল কৰা শপতনামাত বিসংগতিৰ বাবে পূৰ্বেও এই আবেদন বিলম্ব হৈছিল।

বিশেষ ৰাজহুৱা অধিবক্তা জিয়াউল কামাৰে দুয়ো অভিযুক্তৰ জামিন আবেদনৰ বিৰোধিতা কৰি লিখিত আপত্তি দাখিল কৰে।

বিগত বৰ্ষৰ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত কন্ঠশিল্পীগৰাকীৰ মৃত্যুৰ সন্দৰ্ভত আইনৰ প্ৰাসংগিক বিধানৰ অধীনত শ্যামকানু মহন্ত আৰু অন্যান্যৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰিছে অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী দলে।

অক্টোবৰ মাহত গ্ৰেপ্তাৰ হোৱাৰ পিছত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দিপন গাৰ্গ, শেখৰজ্যোতি গোস্বামী, অমৃত প্ৰভা মহন্ত, পি এছ অ’ পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাকে ধৰি মুঠ ৭জন অভিযুক্ত বৰ্তমান ন্যায়িক জিম্মাত আছে।

ইয়াৰ পূৰ্বে এছ আই টিয়ে ভাৰতীয় ন্যায় সংহিতাৰ অধীনত হত্যাৰ অভিযোগ উত্থাপন কৰি কামৰূপৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত এক বৃহৎ কলেবৰৰ অভিযোগনামা দাখিল কৰিছিল।

Related News