অন্য পুৰুষেৰে বিয়া! বিয়াৰ পূৰ্বে প্ৰেমিকৰ সৈতে পলায়ন, বাটতে দুৰ্ঘটনাত দুয়োৰে মৃত্যু
এক মৰ্মান্তিক আৰু শোকাৱহ পথ দুৰ্ঘটনাৰ বাতৰি আহিছে। বিয়াৰ পূৰ্বে প্ৰেমিকৰ সৈতে বাইকেৰে পলায়ন কৰোতে প্ৰেমিক আৰু প্ৰেমিকা দুয়োৰে লগতে প্ৰেমিকাৰ ভিনিহিয়েকো পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছে।
ঘটনাটো উত্তৰ প্ৰদেশৰ। প্ৰকাশিত খবৰ মতে প্ৰয়াগৰাজৰ এজন পুৰুষৰ সৈতে ৰাণী নামৰ ২১ বছৰীয়া যুৱতীগৰাকীৰ বিয়াৰ বন্দৱস্ত কৰিছিল পৰিয়ালে। উক্ত বিবাহত সন্মতি নাছিল যুৱতীগৰাকীৰ।
ইয়াৰ পাছতে যুৱতীগৰাকীয়ে ভিনিহিয়েকৰ সহায়ত বাইকেৰে প্ৰেমিকৰ সৈতে পলায়ন কৰে। পলায়নৰ পথতে উত্তৰ প্ৰদেশৰ জিগনা নামৰ ঠাইত এখন ট্ৰাকৰ সৈতে হোৱা সংঘৰ্ষত তেওঁলোকৰ মৃত্যু হয়। দুৰ্ঘটনাটোত প্ৰেমিক যুগলৰ সৈতে যুৱতীগৰাকীৰ ভিনিহিয়েকৰো মৃত্যু হৈছে।
আৰক্ষীয়ে প্ৰকাশ কৰা মতে মৃত তিনিওগৰাকীৰে বয়স ২১ বছৰ। প্ৰেমিক যুগলৰ পলায়নৰ পৰিকল্পনা প্ৰস্তুত কৰি দিছিল ৰাণীৰ ভিনিহিয়েকে। ৰাণীৰ প্ৰেমিকৰ সৈতে ভিনিহিয়েকৰ ভাল বন্ধুত্ব আছিল।
ভিনিহিয়েকে প্ৰথমে ৰাণীক নিজৰ ঘৰলৈ লৈ যায় আৰু তাৰ পৰাই তিনিগৰাকীয়ে এখন বাইকতে পলায়ন কৰিছিল।
আৰক্ষীয়ে প্ৰকাশ কৰা মতে তীব্ৰ বেগেৰে পলায়ন কৰোতে নিয়ন্ত্ৰণ হেৰুওৱাই বাইকখনে এখন ট্ৰাকত খুন্দা মৰা ফলতে ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈ তিনিওৰে থিতাতে মৃত্যু হয়।
আৰক্ষীয়ে তিনিওৰে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা কৰাৰ পাছতে দুৰ্ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে।
এই শোকাৱহ দুৰ্ঘটনাটো যোৱা শনিবাৰে সংঘটিত হোৱা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।