NORTHEAST NOW (Assamese)
অসম

ভাৰত বায়োটেক আৰু আই চি এম আৰৰ ‘কোভাক্সিন’ৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণত অনুমতি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 23, 2020 4:13 pm
drug-peddler-arrested-1024x512-1-729x375

ভাৰত বায়োটেক আৰু ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ চমুকৈ আই চি এম আৰে প্ৰস্তুত কৰি থকা ক’ৰ’না ভাইৰাছ প্ৰতিৰোদী ভেকচিন কোভাক্সিনে তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ বাবে অনুমতি লাভ কৰিছে।

ড্ৰাগছ কণ্ট্ৰ’লাৰ জেনেৰেল অফ ইণ্ডিয়াই ভাৰত বায়োটেক আৰু আই চি এম আৰক কোভাক্সিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ বাবে অনুমতি প্ৰদান কৰে।

কোভাক্সিনৰ তৃতীয় পৰ্যায়ৰ মানৱ দেহৰ পৰীক্ষণত দেশৰ দহখন ৰাজ্যৰ মুঠ ২৮৫০০ গৰাকী লোকক সামৰি লোৱা হ’ব।

পৰীক্ষামূলকভাৱে কোভাক্সিন গ্ৰহণ কৰিবলগীয়া এই স্বেচ্ছাসেৱক সকলৰ বয়স ১৮ বছৰৰ উৰ্দ্ধত হ’ব।

উল্লেখযোগ্য যে, ভাৰতৰ চেৰাম ইষ্টিটিউটে বিগত মাহত অক্সফোৰ্ডৰ ক’ৰ’না ভাইৰাছৰ ভেকচিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণ সম্পন্ন কৰিছিল।

ভাৰতৰ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড০ হৰ্ষবৰ্দ্ধনে ২০২১ চনৰ প্ৰথমভাগত দেশত ক’ৰ’না ভাইৰাছৰ ভেকচিন উপলব্ধ হ’ব আৰু প্ৰথম পৰ্যায়ৰ ভেকচিনেশ্যনত ৩ কোটি লোকক সামৰি লোৱা হ’ব বুলি মন্তব্য কৰিছিল।

প্ৰথম পৰ্যায়ত চিকিৎসক, চিকিৎসাকৰ্মী আৰু কোভিডৰ প্ৰতিৰোধৰ ক্ষেত্ৰত কাম কৰি থকা যোদ্ধা সকলক অগ্ৰাধিকাৰ দিয়া হ’ব।