NORTHEAST NOW (Assamese)
অসম

ছোৱালীৰ বিয়াৰ বয়স বৃদ্ধি নকৰিবলৈ অনুৰোধ জনাই প্ৰধান মন্ত্ৰীলৈ কোনে লিখিলে পত্ৰ?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 23, 2020 4:05 pm
a marrige

দেশত ছোৱালীৰ বিয়াৰ বয়স বৃদ্ধি কৰাৰ বাবে কেনদ্ৰীয় চৰকাৰে চিন্তা-চৰ্চা কৰি থকাৰ সময়তে ছোৱালীৰ বিয়াৰ নূন্যতম বয়স বৃদ্ধি নকৰিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰীলৈ চিঠি লিখিছে মুছলিম লীগৰ মহিলা শাখাই।

মুছলিম লীগৰ মহিলা শাখাৰ মুৰব্বী পিকে নুৰবান ৰছিদে প্ৰধানমন্ত্ৰীলৈ লিখা চিঠি খনত কোৱা হৈছে যে ছোৱালীৰ বিয়াৰ নূন্যতম বয়স ১৮ বছৰৰ পৰা ২১ বছৰলৈ বৃদ্ধি কৰিলে দেশত অনৈতিক কাৰ্য বৃদ্ধি পাব।

বহু ছোৱালীয়ে বিয়াৰ সলনি লিভ টুগেদাৰত গুৰুত্ব দিব বুলি তেওঁ পত্ৰ খনত উল্লেখ কৰিছে।

তেওঁ কয় যে দেশত ছোৱালীৰ বিয়াৰ বয়স ১৮ বছৰ হৈ আছে যদিও এতিয়াও বহু ঠাইত ১৮ বছৰৰ আগতেই বহু ছোৱালীক বিয়া দিয়া হয়।

এই ক্ষেত্ৰত প্ৰচলিত আইনে একো কৰিব পৰা নাই বুলি তেওঁ উল্লেখ কৰে।

উল্লেখ্য শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে জয়া জেটলিৰ নেতৃত্বত এখন ১০ জনীয়া কমিটি গঠন কৰি দিছে।

এই কমিটি খনে ছোৱালীৰ বিয়াৰ নূন্যতম বয়স নিৰ্ধাৰণ কৰিব।

কমিটি খনে দেশত ছোৱালীৰ বিয়াৰ নূন্যতম বয়স পূৰ্বৰ ১৮ বছৰৰ ঠাইত ২১ বছৰ কৰাৰ পৰামৰ্শ দিছে।

সেইবাবেই মুছলিম লিগৰ মহিলা শাখাই ছোৱালীৰ বিয়াৰ বয়স ১৮ বছৰৰ সলনি ২১ বছৰ নকৰিবলৈ অনুৰোধ জনাই প্ৰধানমন্ত্ৰীলৈ চিঠি লিখিছে।