NORTHEAST NOW (Assamese)
অসম

২ নৱেম্বৰৰ পৰা গৱেষক ছাত্ৰ-ছাত্ৰীৰ বাবে আংশিকভাৱে খোলা হ’ব জে এন য়ু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 23, 2020 3:45 pm

২ নৱেম্বৰৰ পৰা গৱেষক ছাত্ৰ সকলৰ বাবে আংশিকভাৱে পুনৰ খোলা হ’ব দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়।

বিশ্ববিদ্যালয়খনৰ বিভাগীয় জাননীত উল্লেখ কৰা অনুসৰি ২ নৱেম্বৰৰ পৰা চূড়ান্ত বৰ্ষৰ গৱেষক ছাত্ৰ সকলৰ বাবে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় আংশিকভাৱে পুনৰ খোলা হ’ব।

প্ৰথম পৰ্যায়ত যিসকল গৱেষক ছাত্ৰই গৱেষণাগাৰলৈ যাবলগীয়া আছে অথবা গৱেষণা পত্ৰ জমা দিবলগীয়া আছে তেওঁলোককহে বিশ্ববিদ্যালয় চৌহদত প্ৰৱেশৰ অনুমতি দিয়া হ’ব বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই উল্লেখ কৰে।

আনহাতে, দ্বিতীয় পৰ্যায়ত অৰ্থাৎ ১৬ নৱেম্বৰৰ পৰা বিশ্ববিদ্যালয়খনৰ গৱেষক ছাত্ৰৱাস আৰু ছাত্ৰীনিৱাস সমূহ খোলাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে উত্তৰ-পূবৰ ভালেসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে গৱেষণা কৰি আছে।

ক’ৰ’না মহামাৰীৰ সংক্ৰমণৰ বাবে ঘোষণা কৰা ল’কডাউনৰ পৰা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় বন্ধ হৈ আছে।