NORTHEAST NOW (Assamese)

ক’ভিড-১৯: ঐশ্বৰ্য্য ৰায় বচ্চন, কন্যা আৰাধ্যাক হস্পিটেলত ভৰ্তি

July 17, 2020 11:26 pm · এন ই নাও নিউজ
ছবি সৌজন্য-- News18

বলিউদ অভিনেত্ৰী ঐশ্বৰ্য্য ৰায় বচ্চন আৰু কন্যা আৰাধ্যাক সামান্য জ্বৰৰ পিছত শুকুৰবাৰে মুম্বাইৰ নানাৱতী হস্পিটেলত ভৰ্তি কৰোৱা হৈছে।

ঐশ্বৰ্য্য আৰু আৰাধ্যা ইয়াৰ পূৰ্বে ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছিল আৰু তেওঁলোক দুয়ো হ’ম কুৱাৰেণ্টিনত আছিল।

১১ জুলাইত কৰা এণ্টিজেন টেষ্টত ঐশ্বৰ্য্য আৰু আৰাধ্যা ক’ভিড পজিটিভ অহাৰ বিপৰীতে ঐশ্বৰ্য্যৰ শাহুৱেক জয়া বচ্চন নিগেটিভ চিনাক্ত হৈছিল।

অৱশ্যে তেতিয়ালৈকে তেওঁলোকৰ স্বাব টেষ্ট কৰোৱা হোৱা নাছিল।

ঐশ্বৰ্য্যৰ শহুৰ অমিতাভ আৰু পতি অভিষেক ক’ভিড পজিটিভ চিনাক্ত হোৱাৰ পিছত একেখন চিকিৎসালয়তে ভৰ্তি হৈ আছে।

১১ জুলাইত ক’ভিড পজিটিভ চিনাক্ত হোৱা অমিতাভ বচ্চন সেইদিনাই চিকিৎসালয়খনত ভৰ্তি হৈছিল।

পিছত অভিষেক বচ্চনো চিকিৎসালয়খনত ভৰ্তি হৈছিল।

Related News