NORTHEAST NOW (Assamese)
অসম

সকলো ৰাজনৈতিক দলে টীম আছাম হৈ কাম কৰিব: সৰ্বদলীয় সভাৰ অন্তত সোণোৱাল

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 12, 2020 5:30 pm

ক’ভিড-১৯ৰ বিৰুদ্ধে অসমৰ সকলো ৰাজনৈতিক দলে টীম আছাম হিচাপে কাম কৰাৰ সংকল্প লৈছে, দেওবাৰে সৰ্বদলীয় বৈঠকৰ পিছত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়।

সোণোৱালে ক’ভিড-১৯এ সৃষ্টি কৰা পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰাৰ বাবে এই সৰ্বদলীয় সভাখন আহ্বান কৰিছিল।

তেওঁ কয় যে ৰাইজৰ স্বাৰ্থত সৰ্বদলীয় বৈঠকত ভাগ লোৱা দলসমূহে একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি দিছে।

“সকলো ৰাজনৈতিক দলে সংকল্প লৈছে টীম আছাম হৈ কাম কৰাৰ কাৰণে। ক’ভিদ-১৯ৰ বিৰুদ্ধে জয়ী হোৱাৰ সংকল্প লৈছে সকলো ৰাজনৈতিক দলে,” সোণোৱালে কয়।

তেওঁ কয় যে চৰকাৰে সকলো ৰাজনৈতিক দলৰে পৰামৰ্শ মানি চলিব।

“চৰকাৰৰ তৰফৰ পৰা লোৱা ব্যৱস্থা সম্পৰ্কে মতামত, দিহা পৰামৰ্শ  লৈছোঁ সকলো ৰাজনৈতিক দলৰ পৰা,” তেওঁ কয়।

মুখ্য মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে লোৱা পদক্ষেপত ৰাজনৈতিক দলসমূহ উৎসাহিত বুলি মত প্ৰকাশ কৰিছে।

কৰ’নাবিৰোধী যুঁজত দৃঢ়তাৰে কাম কৰা সকলোকে সৰ্বদলীয় সভাই ধন্যবাদ জ্ঞাপন কৰে।

ক’ভিড-১৯ সন্দৰ্ভত অসমৰ সকলো ৰাজনৈতিক দলৰ মতামত জানিব বিচাৰি সৰ্বদলীয় বৈঠক আহ্বান কৰা হৈছিল।

অসমত এতিয়ালৈকে ২৯গৰাকী লোক ক’ভিড-১৯ পজিটিভৰূপে চিনাক্ত হৈছে। তাৰে এজন মৃত্যুমুখত পৰিছে।