NORTHEAST NOW (Assamese)
অসম

মিজোৰামত ভাৰতীয় ফুটবল দলৰ তাৰকা ষ্ট্ৰাইকাৰ জেজেৰ ৰক্তদান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 12, 2020 5:30 pm
Story-9-5-1140x570

ভাৰতীয় ফুটবল দলৰ তাৰকা ষ্ট্ৰাইকাৰ জেজে লালপেখুলাই মিজোৰামত যিসকল লোকক ৰক্তৰ প্ৰয়োজন সেইসকল লোকলৈ সহায়ৰ হাত আগবঢ়াইছে।

সমগ্ৰ দেশজুৰি ২১ দিনীয়া ল’কডাউনৰ বাবে মিজোৰামৰ বেছি সংখ্যক চিকিৎসালয়ৰ ব্লাড বেংকত জমা থকা তেজ শেষ হোৱাৰ সময়তে জেজে ৰক্তদানৰ বাবে আগবাঢ়ি আহে।

মিজোৰামৰ ছাইনোদ হস্পাতালত তেজৰ প্ৰয়োজন বুলি জানিব পৰাৰ পাছতে ২৯ বছৰীয়া ফুটবলাৰ গৰাকীয়ে ৰক্তদানৰ বাবে ওলাই আহে।

ইয়ং মিজো এছ’চিয়েশ্যনে তেজ বিচাৰি আহ্বান জনোৱাৰ পাছতে সেই সম্পৰ্কে ফুটবলাৰ গৰাকীয়ে জানিব পাৰে।

জানিব পৰা মতে, ইয়ং মিজো এছ’চিয়েশ্যনে মিজোৰামৰ বিভিন্ন চিকিৎসালয়ত প্ৰয়োজন হোৱা তেজৰ বাবে জনোৱা আহ্বানৰ প্ৰতি সহাৰি দি মুঠ ৩৩ গৰাকী লোক ওলাই আহে আৰু ইয়াৰ ভিতৰত ২৯ গৰাকী লোকে ৰক্ত দান কৰিব পাৰে।

উল্লেখযোগ্য যে, ইয়ং মিজো এছ’চিয়েশ্যন হৈছে মিজোৰামৰ সৰ্ববৃহৎ স্বেচ্ছাসেৱী সংগঠন।

ইয়ং মিজো এছ’চিয়েশ্যনে মিজোৰামৰ উপৰিও ভাৰতৰ অন্যান্য প্ৰদেশতো সেৱা আগবাঢ়াই আহিছে।