NORTHEAST NOW (Assamese)

ত্ৰিপুৰাত নতুনকৈ দুই ক’ভিড-১৯ পজিটিভ, মুঠ আক্ৰান্ত ২৪৪

May 28, 2020 11:22 pm · এন ই নাও নিউজ

দুগৰাকী ব্যক্তি বৃহস্পতিবাৰে ত্ৰিপুৰাত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে; মুঠ আক্ৰান্ত ২৪৪লৈ বৃদ্ধি পাইছে।

নতুনকৈ ক’ভিড-১৯ পজিটিভ চিনাক্ত ব্যক্তি দুগৰাকী মহাৰাষ্ট্ৰৰ পৰা ৰাজ্যখনলৈ ঘূৰি আহিছিল।

মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেবে টুইটাৰত এই তথ্য সদৰী কৰি কয় যে বৃ্হস্পতিবাৰৰ দিনটোত ৰাজ্যখনত মুঠ ১০৫০টা নমুনা পৰীক্ষা কৰা হৈছিল।

শেহতীয়াকৈ ত্ৰিপুৰাত ক’ভিড-১৯ পজিটিভ চিনাক্ত প্ৰায়ভাগ ব্যক্তিয়েই বহিঃৰাজ্যৰ ত্ৰিপুৰালৈ ঘূৰি অহা।

বুধবাৰে ৰাজ্যখনত দহগৰাকী ব্যক্তি ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছিল।

তাৰে এগৰাকী ৰেলৱেৰ পেণ্ট্ৰি ষ্টাফ হোৱাৰ বিপৰীতে পাঁচগৰাকী চেন্নাই, বেংগালুৰু আৰু চাৰিগৰাকী মুম্বাইৰ পৰা ৰাজ্যলৈ ঘূৰি অহা।

ৰাজ্যখনত মঙলবাৰে ২৩গৰাকী আৰু সোমবাৰে ১১গৰাকী ব্যক্তি ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছিল।

আক্ৰান্তসকলৰ বেছিভাগেই আছিল মহাৰাষ্ট্ৰৰ পৰা ৰেলযোগে ৰাজ্যখনলৈ ঘূৰি অহা ব্যক্তি।

মঙলবাৰে চিনাক্ত পাঁচগৰাকী ক’ভিড-১৯ পজিটিভ ৰোগীৰ সংস্পৰ্শলৈ আহিছিল।

আনহাতে সোমবাৰে চিনাক্ত এগৰাকী বি এছ এফৰ ৮৬নং বেটেলিয়নৰ জোৱানৰ পৰিয়ালৰ ব্যক্তি আছিল।

ত্ৰিপুৰাত বৃ্হস্পতিবাৰলৈকে সক্ৰিয় ক’ভিড-১৯ ৰোগীৰ সংখ্যা হৈছে ৭৪গৰাকী।

১৬৭গৰাকী ব্যক্তি ইতিমধ্যে আৰোগ্য হৈছে আৰু তেওঁলোকক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে।

ৰাজ্যখনত ক’ভিড-১৯ত এতিয়ালৈকে কোনো ব্যক্তিৰ মৃত্যু হোৱা নাই। তিনিগৰাকী ব্যক্তিক আন ঠাইলৈ স্থানান্তৰিত কৰা হৈছে।

Related News