NORTHEAST NOW (Assamese)

ধেমাজিত দ্ৰুতবৃদ্ধি ক’ভিড ৰোগীৰ, গোগামুখত লকডাউন

July 4, 2020 10:29 pm · প্ৰফুল্ল কামান

ধেমাজি জিলাত শেহতীয়াকৈ দ্ৰুতগতিত বৃদ্ধি পাইছে ক’ভিড ৰোগীৰ সংখ্যা।

জিলা স্বাস্থ্য বিভাগে শনিবাৰলৈকে ২১৯গৰাকী ক’ভিড ৰোগী চিনাক্ত কৰিছে। তাৰে ১২৮গৰাকীয়ে আৰোগ্য লাভ কৰিছে।

শেহতীয়াকৈ ক’ভিড ৰোগীৰ দ্ৰুতবৃদ্ধিৰ বাবে জিলা প্ৰশাসনে গোগামুখ বজাৰ অঞ্চলত শুকুৰবাৰৰ পৰা লকডাউন ঘোষণা কৰিছে।

সকলো দোকান, বাণিজ্যিক প্ৰতিষ্ঠান, শৈক্ষিক প্ৰতিষ্ঠান, চৰকাৰী-বেচৰকাৰী কাৰ্য্যালয়, অ’ পি ডি স্বাস্থ্য সেৱা, মানুহ আৰু বাহনৰ চলাচল ১০ জুলাইৰ সন্ধিয়া ৭ বজালৈকে নিষিদ্ধ কৰা হৈছে।

জিলা স্বাস্থ্য বিভাগৰ তথ্য মতে, বৃ্হস্পতিবাৰলৈকে জিলাখনত ৬৬গৰাকী ক’ভিড ৰোগী পোৱা গৈছিল। কিন্তু শনিবাৰে চিনাক্ত দুগৰাকীকে ধৰি এই সংখ্যা ৯১লৈ বৃদ্ধি পাইছে।

সংক্ৰমিত লোকসকলক ধেমাজি অসামৰিক চিকিৎসালয় আৰু চিলাপথাৰ আদৰ্শ হস্পিটেলত চিকিৎসা কৰি থকা হৈছে।

এগৰাকী ক’ভিড ৰোগীক গোগামুখ আইছ’লেচন কেন্দ্ৰত ৰখাৰ বিপৰীতে গুৰুতৰভাৱে অসুস্থ এগৰাকীক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলত ভৰ্তি কৰোৱা হৈছে।

ধেমাজি অসামৰিক হস্পিটেল আৰু চিলাপথাৰ চহৰৰ তিনিটা ৱাৰ্ডক কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে।

ইয়াৰ পূৰ্বে জিলা প্ৰশাসনে ঘোষণা কৰা নৈশ সান্ধ্য আইন এতিয়াও সমগ্ৰ জিলাত বাহাল আছে।

ধেমাজি আৰু চিলাপথাৰ পৌৰ এলেকাত শনি আৰু দেওবাৰৰ লকডাউনো বাহাল আছে।

শনি আৰু দেওবাৰৰ লকডাউন জোনাই বজাৰলৈকে সম্প্ৰসাৰিত কৰা হৈছে।

Related News