NORTHEAST NOW (Assamese)

অসমত মৃত্যু আৰু এগৰাকী ক’ভিড ৰোগীৰ

July 7, 2020 6:35 pm · কল্পজ্যোতি শইকীয়া
Updated: July 7, 2020 6:42 pm

আৰু এগৰাকী কভিড ৰোগীয়ে অসমত মঙলবাৰে মৃত্যু সাৱটি লৈছে, মুঠ মৃতকৰ সংখ্যা ১৫লৈ বৃদ্ধি পাইছে।

ৰোগীগৰাকীৰ নাম ধাদাৰাম মুৰা (৪০), ঘৰ নগাঁৱৰ কলিয়াবৰত।

জি এম চি এইচৰ ক’ভিড আই চি ইউত মুৰাই মঙলবাৰে দিনৰ ৯ বজাত শেষ নিশ্বাস ত্যাগ কৰে।

এক জুলাইৰ পৰা চিকিৎসালয়খনত ভৰ্তি হৈ থকা ৰোগীগৰাকী গুৰুতৰভাৱে নিমুনিয়া আৰু চেপ্তিক শ্বকত আক্ৰান্ত হৈছিল।

টুইটাৰযোগে এই কথা সদৰী কৰি স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুৰাৰ শোকস্তব্ধ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

এতিয়ালৈকে অসমত চিনাক্ত মুঠ ক’ভিড আক্ৰান্ত ১২৫২২গৰাকী।

ইয়াৰে ৭৮৮২গৰাকী ক’ভিড মুক্ত হৈ ঘৰলৈ ওভটাৰ বিপৰীতে চিকিৎসাধীন হৈ আছে ৪৬২৩গৰাকী।

Related News