NORTHEAST NOW (Assamese)
Popular Stories

আৰক্ষীৰ হেণ্ডকাফত কোভিড-১৯! : চোৰক লগোৱা হেণ্ডকাফ পিন্ধিছিল বহু অপৰাধীয়ে!

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 6, 2020 2:56 pm
Sur 1234

কোভিড-১৯ আক্ৰান্ত চোৰক গ্ৰেপ্তাৰ কৰি এতিয়া বিমোৰত পৰিছে মহানগৰীৰ দুখনকৈ থানাৰ আৰক্ষী।

মহানগৰীৰ জালুকবাৰী আৰক্ষী থানা আৰু দিচপুৰ আৰক্ষী থানাৰ সকলো আৰক্ষীৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

চোৰক কৰায়ত্ত কৰাৰ লগত জড়িত বহুকেইগৰাকী আৰক্ষী বৰ্তমানো কোৱাৰেন্টাইনত আছে। ইয়াৰে জালুকবাৰী আৰক্ষী থানাৰ ৭ গৰাকী আৰু দিচপুৰ থানাৰ মুঠ চাৰিগৰাকী আৰক্ষীক কোৱাৰেন্টাইন কৰা হৈছে।

জালুকবাৰী থানাৰ গৃহৰক্ষী জোৱান ক্ৰমে গিৰিশ ঝা, উৎপল কলিতা, চাহাব আলী, বাবুল আলী, আব্দুল, বাদশ্বাহ আলী আৰু গাড়ী চালক চন্দন গিৰিক ইতিমধ্য কোৱাৰেন্টাইন কৰা হৈছে। সকলোৰে স্বাব সংগ্ৰহ কৰা হৈছে যদিও বৰ্তমানলৈকে ফলাফল অহা নাই।

দিচপুৰ থানাৰ আৰক্ষী কেইগৰাকীৰ নাম বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।

উল্লেখযোগ্য যে,  যোৱা ৩১ মে’ত মহানগৰীৰ জালুকবাৰীত আৰক্ষীয়ে আটক কৰি জালুকবাৰী আৰক্ষী চকীত ৰাখিছিল জিণ্টু নাথ নাম চোৰটোক। AS 01AY 3924 নম্বৰৰ বাইকখনসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল চোৰ জিন্টু নাথক।

বাইকখন চুৰি হোৱা বুলি দিচপুৰ থানাত ১২২১/২০ নম্বৰত এক গোচৰ ৰুজু হৈ আছিল। সেয়েহে চোৰটোক দিচপুৰ আৰক্ষীৰ হাতত গতাই দিছিল জালুকবাৰী আৰক্ষীয়ে।

দিচপুৰ আৰক্ষী থানাত এটা ৰাতি ৰখোৱাৰ পাছত দিচপুৰ ৰাজ্যিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰাবলৈ নিয়া বুলি এক সুত্ৰৰ পৰা জানিব পৰা গৈছে।

যোৱা ১ জুনত চোৰটোক কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশ আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। তেতিয়াৰে পৰা গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ অতিথি হৈছিল চোৰটো।

কাৰাগাৰলৈ নিক্ষেপ কৰাৰ পূৰ্বে জিন্টু নাথৰ স্বাব টেষ্ট কৰোৱা হৈছিল আৰু বৃহস্পতিবাৰে নিশা কোভিড-১৯ পজিটিভ বুলি ধৰা পৰিছে।

ইপিনে, চোৰক লগোৱা হেণ্ডকাফ অন্য বহু অপৰাধীক কৰায়ত্ত কৰাৰ সময়ত যোৱা ৩১ মে’ৰ পৰা লগাই আহিছে বুলি সুত্ৰত প্ৰকাশ পাইছে।

ইয়াৰোপৰি, চোৰটো দীৰ্ঘদিন ধৰি মহানগৰীৰ ভেটাপাৰা, হাতীগাঁও, বেলতলা, বশিষ্ঠ জালুকবাৰী অঞ্চলত ঘূৰা-ফুৰা কৰি আছিল। তেনেকৈ বহু লোকৰে সংস্পৰ্শলৈ চোৰটো আহিছিল যদিও এতিয়ালৈকে কোন কোন লোক সংস্পৰ্শলৈ আহিছিল সেয়া স্পষ্ট হোৱা নাই।

যাৰ ফলত আতংকিত হৈ পৰিছে অঞ্চলকেইটাৰ লোকসকল। তাৰ সমান্তৰালকৈ এতিয়া আতংকিত হৈ পৰিছে মহানগৰীৰ দুয়োখন থানাৰে আৰক্ষী।