NORTHEAST NOW (Assamese)
Popular Stories

ৰাজ্যত ২৩০০ অতিক্ৰম ক’ৰ’না আক্ৰান্তৰ : দিনটোত বৰ্তমানলৈকে ৮১ গৰাকী নতুনকৈ আক্ৰান্ত

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 6, 2020 2:09 pm
EZ0GMNAU4AArl3R

ৰাজ্যত ২৩২৪ লৈ বৃদ্ধি পালে ক’ৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা।

এই মুহূৰ্তত একেলগে ৮১ গৰাকী লোকৰ দেহত পোৱা গৈছে মাৰাত্মক ক’ৰ’না ভাইৰাছৰ উপস্থিতি।

ইয়াৰে ৪০ গৰাকী হোজাই, ধেমাজিৰ ৯ গৰাকী, সাতগৰাকী বৰপেটা, নগাঁৱৰ সাত গৰাকী, বিশ্বনাথৰ ৪ গৰাকী, ৪ গৰাকী বিমান যাত্ৰী, তিনিগৰাকী শোণিতপুৰ, দুগৰাকী কাৰ্বি আংলং, তিনিচুকীয়া জিলাৰ দুগৰাকী, এগৰাকী মৰিগাঁৱৰ, এগৰাকী ডিব্ৰুগড় আৰু এগৰাকী লখিমপুৰ জিলাৰ।

বৰ্তমান ১৮০৮ গৰাকী লোক এই ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে তাৰ বিপৰীতে ৫০৯ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে ৷

এতিয়ালৈ চাৰিগৰাকী মৃত্যু মুখত পৰিছে ৷

টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

কালিৰ দিনটোত ১২৮ গৰাকী কোভিড-১৯ ত আক্ৰান্ত হৈছিল।

যোৱা ৪ জুনত ২৪৩ গৰাকী লোক আক্ৰান্ত হৈছিল ক’ৰ’নাত।

তিনি জুনত সৰ্বাধিক ২৬৯ গৰাকী লোক আক্ৰান্ত হৈছিল।

যোৱা ১ জুনৰ দিনটোত ১৪৬ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছিল।

যোৱা ৩০ মে দিনা ১৫৯ গৰাকী বৰ্তমানলৈকে আক্ৰান্ত হৈছিল।

২৯ মে’ত ১৭৭ গৰাকী আক্ৰান্ত হৈছিল ক’ৰ’ণা ভাইৰাছত।

২৮ মে দিনটোত ৰাজ্যত ৯৭ গৰাকী লোক আক্ৰান্ত হৈছিল ক’ৰ’না ভাইৰাছত।

যোৱা ২৭ মেত ১০১ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছিল।