NORTHEAST NOW (Assamese)
অসম

ৰাছিয়াৰ দুটা বৃহৎ তেল কোম্পানীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে আমেৰিকাই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 23, 2025 12:14 pm

ৰাছিয়াৰ দুটা বৃহৎ তেল কোম্পানীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে আমেৰিকাই। ইউক্ৰেইনৰ যুদ্ধৰ অন্ত পেলোৱাৰ ক্ষেত্ৰত ৰাছিয়াই ফালৰি কটাৰ অভিযোগ উত্থাপন কৰি বুধবাৰে এই নিষেধাজ্ঞা জাৰি কৰা হয়। অৱশ্যে সেইদিনাই ৰাছিয়াই এক বৃহৎ পাৰমাণৱিক অস্ত্ৰ প্ৰশিক্ষণ অনুশীলন চলায়।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ মাজত অনুষ্ঠিত হোৱা পৰিকল্পিত বৈঠক পিছুৱাই দিয়া দিনটোত ৱাশ্বিংটনে এই নতুন নিষেধাজ্ঞাৰ কথা ঘোষণা কৰে।

আমেৰিকাৰ কোষাগাৰ বিভাগে কয় যে ৰাছিয়াৰ দুটা ডাঙৰ তেল কোম্পানী ৰছনেফ্ট আৰু লুক’ইলক এই নতুন নিষেধাজ্ঞাৰ লক্ষ্য হৈছে যাতে যুদ্ধৰ বাবে মস্কোৰ বিত্তীয় সাহায্যৰ ক্ষতিসাধন হয়।

এই পদক্ষেপে হোয়াইট হাউছৰ নীতিৰ এক বৃহৎ পৰিৱৰ্তনৰ সংকেত দিছে, যিয়ে শেহতীয়াকৈ শান্তিৰ ক্ষেত্ৰত আলোচনাৰ পন্থা গ্ৰহণ কৰাৰ লগতে ৰাছিয়াক হেঁচা প্ৰয়োগ কৰিছে। যোৱা সপ্তাহত মস্কোক লক্ষ্য কৰি ব্যৱস্থা গ্ৰহণৰ পৰা বিৰত থকাৰ প্ৰৱণতাও ট্ৰাম্পে দেখুৱাইছিল।

আমেৰিকাৰ কোষাগাৰ সচিব স্কট বেছাণ্টে কয় যে, “হত্যা বন্ধ কৰি তাৎক্ষণিক যুদ্ধবিৰতি ঘোষণা কৰাৰ সময় আহি পৰিছে।” তেওঁৰ এই মন্তব্যৰ পিছতে প্ৰতি বেৰেলত তেলৰ মূল্য প্ৰায় ২ ডলাৰ বৃদ্ধি পায়।

ইফালে, নতুন শক্তি প্ৰদৰ্শনৰ অংশ হিচাপে ক্ৰেমলিনে এটা ভিডিঅ’ মুকলি কৰে। ইয়াত দেখা গৈছে যে ৰাছিয়াৰ সেনাৰ মুৰব্বী জেনেৰেল ভেলেৰী গেৰাচিমোভে ৰাষ্ট্ৰপতি পুটিনক অনুশীলনৰ বিষয়ে অৱগত কৰি আছে।

স্থল, ছাবমেৰিন আৰু বিমানৰ লঞ্চাৰৰ পৰা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা বুলি ৰাছিয়াই জানিবলৈ দিয়ে। ইয়াৰ ভিতৰত আছিল আমেৰিকাত আঘাত হানিব পৰা ৰেঞ্জৰ ক্ষেপণাস্ত্ৰ।

ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা মতে, তেওঁলোকৰ দীৰ্ঘ দূৰত্বৰ টিউ-২২এম৩ কৌশলগত বোমাৰু বিমানে বাল্টিক সাগৰত ঘূৰিছিল। বিদেশী, সম্ভৱতঃ নাটোৰ যুদ্ধ বিমানে এই ঘূৰণৰ বিভিন্ন সময়ত বোমাৰু বিমানক অনুসৰণ কৰিছিল।

বুধবাৰে ইউৰোপীয় ইউনিয়নৰ দেশসমূহেও ৰাছিয়াৰ ওপৰত ১৯ সংখ্যক নিষেধাজ্ঞাৰ পেকেজত অনুমোদন জনায়। এই নিষেধাজ্ঞাৰ ভিতৰত ৰাছিয়াৰ তৰলীকৃত প্ৰাকৃতিক গেছ (এল এন জি)ও অন্তৰ্ভুক্ত।