NORTHEAST NOW (Assamese)

কোভিড-১৯ : বিশ্বৰ আটাইতকৈ ক্ষতিগ্ৰস্ত দেশৰ সপ্তম স্থানত ভাৰত; ১.৯ লাখতকৈ অধিক আক্ৰান্ত

June 1, 2020 1:00 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

ক’ৰ’না ভাইৰাছৰ দ্বাৰা আটাইতকৈ ক্ষতিগ্ৰস্ত দেশসমূহৰ ভিতৰত ভাৰত বৰ্তমান সপ্তম স্থানত আছে। ইটালীৰ জ’ন হপকিন্স বিশ্ববিদ্যালয়ৰ তালিকাত এই কথা প্ৰকাশ।

তালিকাৰ প্ৰথম স্থানত আছে আমেৰিকা যুক্তৰাষ্ট্ৰ। দেশখনত ১৮,১৮,৯৮৩ লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ১ লাখতকৈ অধিক লোক।

৫,০১,৯৮৫ আৰু ৪,০৫,৮৪৩ গৰাকী আক্ৰান্তৰ সৈতে উক্ত তালিকাৰ দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে ব্ৰাজিল আৰু ৰাছিয়া।

উল্লেখযোগ্য যে আজি পৰ্যন্ত ভাৰতত ক’ৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা ১,৯০,৫৩৫ গৰাকীলৈ বৃদ্ধি পাইছে। যোৱা ২৪ ঘণ্টাত দেশখনত ৮৩৯২ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হৈছে।

সোমবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ সূত্ৰই এই কথা প্ৰকাশ কৰিছে।

এই পৰ্যন্ত ভাৰতত ক’ৰ’নাত আক্ৰান্ত হৈ ৫৩৯৪ গৰাকী লোকৰ মৃত্যু হৈছে। ইয়াৰ ২৩০ গৰাকীৰ যোৱা ২৪ ঘণ্টাত মৃত্যু হয়।

মৃত্যু হোৱা ২৩০ গৰাকীৰ ভিতৰত ৮৯ গৰাকী মহাৰাষ্টৰ, ৫৭ গৰাকী দিল্লীৰ, ৩১ গৰাকী গুজৰাটৰ, ১৩ গৰাকী তামিলনাডুৰ, ১২ গৰাকী উত্তৰ-প্ৰদেশৰ, ৮ গৰাকী পশ্চিমবংগৰ, ৭ গৰাকী মধ্য প্ৰদেশৰ, ৫ গৰাকী তেলেংগানাৰ, ৩ গৰাকী কৰ্ণাটকৰ, দুগৰাকী অন্ধ্ৰ প্ৰদেশৰ আৰু বিহাৰ, পঞ্জাব আৰু ৰাজস্থানৰ এগৰাকীকৈ লোক আছে।

স্বাস্থ্য মন্ত্ৰ্যালয়ৰ মতে বৰ্তমান ভাৰতত ৯৩৩২২ গৰাকী ক’ৰ’না আক্ৰান্ত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ৯১৮১৮ গৰাকী ৰোগী সুস্থ হৈ উঠিছে।

Related News