NORTHEAST NOW (Assamese)
অসম

ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ১৮,১৩৯ গৰাকী ক’ৰ’নাত আক্ৰান্ত, মৃত্যু ২৩৪ গৰাকীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 8, 2021 12:28 pm
coronavirus-750x375

ধাৰাবাহিকভাৱে ক’ৰ’নাৰ সংক্ৰমণৰ সংখ্যা কমিছিল যদিও আজি বিগত দিনসমূহৰ তুলনাত আক্ৰান্তৰ সংখ্যা পুনৰ এবাৰ সামান্য পৰিমানে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

আজি স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য মতে, যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ ১৮,১৩৯ গৰাকী লোক নতুনকৈ ক’ৰ’নাত আক্ৰান্ত হোৱাত এই সংখ্যা ১,০৪,১৩,৪১৭ লৈ বৃদ্ধি পাইছে।

আনহাতে যোৱা ২৪ ঘণ্টাত মৃত্যু হৈছে ২৩৪ গৰাকী লোকৰ। মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা বৃদ্ধি পাইছে ১,৫০,৫৭০ লৈ।

ইফালে মুঠ আক্ৰান্তৰ ভিতৰৰ ১,০০,৩৭,৩৯৮ গৰাকী লোক ক’ৰ’নাৰ পৰা আৰোগ্য লাভ কৰিছে বুলি স্বাস্থ্য মন্ত্ৰ্যালয়ে জানিবলৈ দিয়ে।

দেশত এতিয়া আৰোগ্যৰ হাৰ হৈছে ৯৬.৩৯ শতাংশ। মৃত্যুৰ হাৰ ১.৪৫ শতাংশ।

ইফালে দেশত সক্ৰিয় ৰোগীৰ সংখ্যা যোৱা কিছুদিন ধৰি তিনিলাখৰ তলতেই আছে।

সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২,৬৮,৫৮১ গৰাকী।

উ্লেখ্য যে ভাৰতত আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে যদিও বিশ্বৰ বিভিন্ন প্ৰান্তত নতুনকৈ ইয়াৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰাত কিছু পৰিমানে শংকিত হৈছে ভাৰত চৰকাৰ।