NORTHEAST NOW (Assamese)
অসম

শিঙিমাৰীত চোৰৰ চাফাই অভিযান; ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি লুটি নিলে সামগ্ৰী

Posted by: মৃদুল প্ৰীতম ডেকা Updated by: মৃদুল প্ৰীতম ডেকা January 8, 2021 12:52 pm
police at the site

কামৰূপৰ দদৰা আৰক্ষী চকীৰ অন্তৰ্গত শিঙিমাৰীৰ বৈশ্য চুপাত চোৰে নিশা চলালে এক চাফাই অভিযান।

শিঙিমাৰী বৈশ্য চুপাৰ নিৰঞ্জন বৈশ্যৰ ঘৰত সংঘটিত হৈছে এই চুৰি কাণ্ড ৷

নিৰঞ্জন বৈশ্যই নিজৰ পত্নীক চিকিৎসাৰ বাবে গুৱাহাটীত চিকিৎসালয়ত ভৰ্তি হোৱা হেতুকে পৰিয়ালৰ লোকে গুৱাহাটীতে নিশাটো কটাৱলগীয়া হৈছিল।

এনে পৰিস্থিতিত ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি ঘৰটোত চোৰে লুটপাত চলায়। চোৰে দৰ্জাৰ তলা ভাঙি ঘৰত প্ৰবেশ কৰে।

ঘৰত প্ৰবেশ কৰি পৰিয়ালটোৰ গডৰেজ ভাঙি কেইবাযোৰো পাটৰ কাপোৰ, সোণৰ অলংকাৰৰ লগতে নগদ ৪০ হাজাৰ টকা লৈ উধাও হয়।

ইতিমধ্যে ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে আৰক্ষীক অৱগত কৰাৰ পিচতে ঘটনাস্থলীত দদৰা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।