NORTHEAST NOW (Assamese)

পুৰীৰ জগন্নাথ মন্দিৰ দৰ্শন কৰিবলৈ প্ৰয়োজন নহ’ব কোভিড পৰীক্ষাৰ ৰিপ’ৰ্টৰ

January 11, 2021 8:35 am · এন ই নাও নিউজ
Updated: January 11, 2021 12:00 pm

পুৰীৰ জগন্নাথ মন্দিৰ দৰ্শন কৰিব বিচৰাসকলে কোভিড পৰীক্ষাৰ ৰিপ’ৰ্ট লগত নিনিয়াকৈয়ো মন্দিৰ দৰ্শন কৰিব পাৰিব।

অৱশ্যে এই ব্যৱস্থা ২১ জানুৱাৰীৰ পৰাহে প্ৰযোজ্য বুলি মন্দিৰ পৰিচালনা সমিতিৰ মুৰব্বী কৃষাণ কুমাৰে প্ৰকাশ কৰিছে।

কুমাৰে লগতে কয় যে ২১ জানুৱাৰীৰ পৰা ২১ ফেব্ৰুৱাৰী পৰ্যন্ত মন্দিৰ দৰ্শন কৰিবলৈ অহা ভক্তই লগত কোভিড পৰীক্ষাৰ নিগেটিভ ৰিপ’ৰ্ট নানিলেও হ’ব।

ওড়িশাৰ পুৰী চহৰত অৱস্থিত বিখ্যাত জগন্নাথ মন্দিৰৰ দুৱাৰ বিগত বৰ্ষৰ ২৩ ডিচেম্বৰৰ  পৰা ভক্তসকলৰ বাবে খোলা হৈছিল। ন মাহ  বন্ধ হৈ থকাৰ পিছত মন্দিৰটো ভক্তৰ বাবে খোলা হৈছিল।

ক’ৰ’না ভাইৰাছৰ বাবে যোৱা বছৰৰ  মাৰ্চ মাহত সকলো তীৰ্থস্থান বন্ধ কৰা হৈছিল।

উল্লেখ্য যে জগন্নাথ মন্দিৰৰ পুৰোহিতসকলৰ সৰ্বোচ্চ সংস্থাটোৱে ১২শ শতিকাৰ মন্দিৰটো পুনৰ খোলাৰ পৰামৰ্শ দি ৰাজ্য চৰকাৰলৈ এটা প্ৰস্তাৱ প্ৰেৰণ কৰিছিল।

ইয়াৰ পিছত এই সিদ্ধান্ত লোৱা হৈছিল।

ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰক্ৰিয়া (এছ.ও.পি.) অনুসৰি, তাত কৰ্মৰত আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলেহে আৰম্ভণিৰ তিনিদিনত পবিত্ৰ ত্ৰিমূৰ্তি দৰ্শন কৰাৰ সুবিধা পাইছিল।

এই সময়ত কোনো বাহিৰা লোক যাতে মন্দিৰৰ প্ৰাংগণত প্ৰৱেশ কৰিব পৰা নাছিল ।

ইফালে পুৰীবাসীয়ে ২৬ৰ পৰা ৩১ ডিচেম্বৰলৈ অৰ্থাৎ দ্বিতীয় পৰ্যায়ত মন্দিৰ দৰ্শনৰ সুযোগ লাভ কৰিছিল।

পুৰীৰ কালেক্টৰ বলৱন্ত সিঙে কয় যে ৰাজ্য আৰু ৰাজ্যৰ বাহিৰৰ পৰা অহা ভক্তসকলে ৩ জানুৱাৰী, ২০২১ৰ পৰা মন্দিৰ দৰ্শন কৰিব পাৰিছে।

প্ৰয়োজনীয় ফটো আইডিৰ সৈতে ভক্তসকলে মন্দিৰত প্ৰৱেশ কৰিবলৈ ক’ভিড-১৯ নিগেটিভ প্ৰমাণপত্ৰ আনিব লাগিছিল যদিও এতিয়া কোভিডৰ নিগেটিভ ৰিপ’ৰ্ট নহ’লেও হ’ব।

Related News