NORTHEAST NOW (Assamese)
অসম

কোভিডে সৃষ্টি কৰা দুখন ছবি: প্ৰতি ৩০ ঘণ্টাত এজনকৈ লোক হৈছে কোটিপতি!

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী May 23, 2022 3:54 pm

অতিমাৰী কোভিডে সৃষ্টি কৰা দুখন ছবিয়ে এতিয়া ৰোগেও যে মানুহক ধনী কৰিব পাৰে তাকেই প্ৰমাণ কৰিছে।

যিটো সময়ত কোভিডে সৃষ্টি কৰা পৰিস্থিতিৰ বাবে বিশ্বৰ কোটি কোটি লোকে কৰ্মসংস্থাপন হেৰুৱাই দুখ-দৈন্যতাৰে সহাৱস্থান কৰিছে সেই সময়তে কেৱল কোভিড পৰিস্থিতিৰ বাবেই প্ৰতি ৩০ ঘণ্টাত এজনকৈ লোক কোটিপতি হৈছে। এয়া আমি কোৱা কথা নহয়। এয়া কোৱা হৈছে অক্সফাম ইণ্টাৰনেচনেলৰ প্ৰতিবেদনত।

প্ৰতিবেদন খনত প্ৰকাশ পোৱা মতে কোভিড-১৯ মহামাৰীৰ সময়ত প্ৰতি ৩০ ঘণ্টাত এজন নতুন কোটিপতিৰ সৃষ্টি হৈছে।
আনহাতে কোভিডৰ বাবেই প্ৰতি ৩৩ ঘণ্টাত প্ৰায় ১০ লাখ লোক চৰম দৰিদ্ৰতাৰ মুখলৈ গতি কৰিছে।

ছুইজাৰলেণ্ডৰ দাভোছত অনুষ্ঠিত বিশ্ব অৰ্থনৈতিক মঞ্চৰ বাৰ্ষিক সভাত অক্সফাম ইণ্টাৰনেচনেলৰ কাৰ্যবাহী সঞ্চালক গেব্ৰিয়েলা বুচাৰে কয় যে কোভিডৰ বাবে কোটি কোটি লোক চৰম দুৰ্দশাৰ মাজলৈ ধাৱমান হোৱাৰ বিপৰীতে বহু লোক আকৌ ধনীৰ পৰা অধিক ধনী হৈছে।

তেওঁ কয় যে কোভিড মহামাৰীৰ সময়ত আৰু তাৰ পিছতো খাদ্য তথা ইন্ধনৰ অত্যাধিক মূল্যবৃদ্ধিয়ে তেনে ব্যৱসায়ৰ সৈতে জৰিত লোকসকলক পূৰ্বতকৈও অধিক ধনী কৰি তুলিছে।

তেওঁ লগতে কয় যে ২০২০ চনৰ পৰা বিশ্বত বিলিয়নেয়াৰৰ সংখ্যা ৫৭৩ ৰ পৰা ২,৭০০ লৈ বৃদ্ধি পাইছে। ফৰ্বছৰ তথ্য বিশ্লেষণ কৰি প্ৰতিবেদনত কোৱা হৈছে যে তেওঁলোকৰ সামগ্ৰিক সম্পদ প্ৰায় ৩.৮ ট্ৰিলিয়ন ডলাৰৰ পৰা বৃদ্ধি হৈ ১২.৭ ট্ৰিলিয়ন ডলাৰ হৈছে।

বিগত ২৩ বছৰৰ তুলনাত কোভিডৰ সময়তে কোটিপতিসকলৰ সম্পদ অধিক বৃদ্ধি পাইছে।

আনহাতে কোভিডৰ বাবেই ২০২২ চনত প্ৰায় ২৬৩ নিযুত লোকক চৰম দৰিদ্ৰতাৰ ফালে ঠেলি দিব দিছে।