NORTHEAST NOW (Assamese)
অসম

ৰাজভৱনত কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা ৭০ জনলৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 20, 2020 7:20 am
Raj-Bhawan-750x375

ক’ৰ’ণা ভাইৰাছে আতংকৰ সৃষ্টি কৰিছে গুৱাহাটীৰ উজানবজাৰস্থিত ৰাজভৱনত। ৰাজভৱনত ইজনৰ পিছত সিজনকৈ লোক ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাত সমগ্ৰ চৌহদটোত ত্ৰাসৰ সৃষ্টি হৈছে।

এতিয়ালৈকে ৰাজভৱনত ক’ৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা ৭০ জনলৈ বৃদ্ধি পাইছে।

শেহতীয়াকৈ ২৪ জন লোক ক’ৰ’ণাত আক্ৰান্ত হৈছে।

প্ৰথম অৱস্থাত ৰাজভৱনত ২ জন নিৰাপত্তা বাহিনীৰ জোৱান ক’ৰ’ণাত আক্ৰান্ত হোৱাৰ পিছতে ৰাজ্য্যপাল জগদীশ মুখীকে ধৰি ২০০ জন লোকৰ ক’ৰ’ণাৰ পৰীক্ষা কৰোৱা হৈছিল।

পৰৱৰ্তী সময়ত ৰাজভৱনৰ জেনেৰেটৰ অপাৰেটৰ আৰু কম্পিউটাৰ অপাৰেটৰ এজন ক’ৰ’ণাত আক্ৰান্ত হয়।

ইয়াৰ পিছতে ৪ জুলাইত ৰাজভৱন চৌহদ কন্টেইনমেন্ট জ’ন হিচাবে ঘোষণা কৰা হয়।

৬ জুলাইত ৰাজভৱন চৌহদত ক’ৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা ২৯ জনলৈ বৃদ্ধি পায়।

ৰাজভৱনৰ ধুবী, চিকিৎসক আদিও ক’ৰ’ণাত আক্ৰান্ত হৈছে। ৰাজ্যপালৰ সচিব এছ এছ মিনাক্ষী সুন্দৰমো ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে।

ৰাজভৱন চৌহদত ৫৪ টা পৰিয়ালে বাস কৰাৰ লগতে নিৰাপত্তা বাহিনী আৰু বিশেষ শাখাৰ লোকে বাস কৰি আছে।

চৌহদটোত ক্ৰমাৎ ক’ৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাত সকলো এতিয়া ত্ৰাসিত হৈ পৰিছে।