NORTHEAST NOW (Assamese)
Popular Stories

সুদীৰ্ঘ ৫০ বছৰৰ পাছত চন্দ্ৰত অৱতৰণ কৰিলে আমেৰিকাৰ মহাকাশযান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 23, 2024 10:41 am

অৰ্দ্ধ শতিকাৰ পাছত পুনৰ চন্দ্ৰত অৱতৰণ কৰিলে আমেৰিকাৰ মহাকাশযান। স্থানীয় সময় অনুসৰি বৃহস্পতিবাৰে চন্দ্ৰৰ দক্ষিণ মেৰুৰ সমীপত অৱতৰণ কৰে আমেৰিকাৰ এই মহাকাশযানখনে।

আমেৰিকাই চন্দ্ৰলৈ প্ৰেৰণ কৰা এয়া প্ৰথমখন ব্যক্তিগত মালিকানাধীন মহাকাশযান। টেক্সাছৰ ‘ইন্টুইটিভ মেচিন’ কোম্পানীয়ে এই মহাকাশযানখন নিৰ্মাণ কৰি চন্দ্ৰলৈ প্ৰেৰণ কৰে।

স্থানীয় সময় অনুসৰি সন্ধিয়া ৬:২৩ বজাত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰে ষড়ভুজ (hexagon)আকৃতিৰ ৰবট ‘অডিচিয়াছ’। বাণিজ্যিক মহাকাশযানৰ দ্বাৰা পৰিচালিত এই চন্দ্ৰ অভিযানৰ বাবে আমেৰিকাৰ মহাকাশ সংস্থা নাছাই পুঁজি যোগান ধৰিছিল। ‘ইণ্টুইটিভ মেচিন’ আৰু নাছাৰ যৌথ বিবৃতিত এই তথ্য দিয়া হৈছে।  ইনটুইটিভ মেচিন হৈছে হিউষ্টনৰ এটা কোম্পানী।

ফটোঃ সংগ্ৰহীত।

যোৱা মাহৰ আৰম্ভণিতে আমেৰিকাৰ এটা কোম্পানীৰ চন্দ্ৰ অভিযান বিফল হৈছিল। ইয়াৰ ফলত ব্যক্তিগত সংস্থাসমূহে চন্দ্ৰ অভিযান চলাব পৰা ক্ষমতাক লৈ প্ৰশ্ন উত্থাপন হয়। শেষবাৰৰ বাবে ১৯৭২ চনত নাছাই সফলতাৰে চন্দ্ৰলৈ এপ’ল’-১৭ অভিযান চলাইছিল।