NORTHEAST NOW (Assamese)
Popular Stories

১৮ টা ছয় মাৰি ২১টা বলত শতক! টী-১০ লীগত স্পেনিছ বেটাৰৰ তাণ্ডৱ; চাওক ভাইৰেল ভিডিঅ’

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 23, 2024 12:09 pm

ক্ৰীড়া জগতত স্পেইন ফুটবলৰ বাবে সকলোৰে পৰিচিত। ৯০ মিনিটৰ আক্ৰমণাত্মক যুদ্ধৰ বাবে বিখ্যাত স্পেইন। কিন্তু বাইশ গজৰ যুদ্ধত এইবাৰ দেশখনে অভিলেখ গঢ়িলে!

ইউৰোপীয় টী-১০ ক্ৰিকেট লীগত স্পেনিছ ক্ৰিকেটাৰ আছজাদ বাট-য়ে বিপক্ষৰ বলাৰসকলক ত্ৰাহি মধূসূদন দেখালে। বেটাৰগৰাকীয়ে মাত্ৰ ২১টা বলতে শতক অৰ্জন কৰে। মাৰিলে ১৮টা ছয়। সেই খেলৰ সেই ভিডিঅ’ ভাইৰেল হ’বলৈ বেছি সময় নালাগিল।

লগতে পঢ়কঃ সুদীৰ্ঘ ৫০ বছৰৰ পাছত চন্দ্ৰত অৱতৰণ কৰিলে আমেৰিকাৰ মহাকাশযান

সোহাল হস্পিটেলেটৰ বিৰুদ্ধে খেলিছিল কাটালুনিয়া ড্ৰেগনছে। সেই মেচতে আছজাদে দেখুৱাইছিল পৰাক্ৰম। তেওঁ বাইশ গজত ধুমুহাৰ সৃষ্টি কৰিলে। হস্পিটেলেটে ১০ অভাৰত ১৫৬ ৰানৰ লক্ষ্য আগত লৈ খেলপথাৰত নামে। খেলিবলৈ নামি আছজাদে সকলো হিচাপ সলনি কৰি দিলে।

আছজাদে ২১ টা বলত শতক অৰ্জন কৰাৰ উপৰিও ২৭ বলত ১২৮ ৰান কৰি অপৰাজিত হৈ থাকে। ফলত আছজাদে মাত্ৰ ৫.৩ অভাৰত নিজৰ দলটোক বিজয়ী কৰিবলৈ সক্ষম হয়।

তেওঁৰ বিস্ফোৰক ইনিংছটো ১৮টা ছয় আৰু ৪টা চাৰিৰে সজোৱা হৈছিল। ষ্ট্ৰাইক ৰেট ৪৭৪। আছজাদৰ এই শতকে এক নতুন অভিলেখ সৃষ্টি কৰিলে। ইয়াৰ পূৰ্বে ইউৰোপীয় টী-১০ লীগত ২৫ বলত শতক অৰ্জনৰ অভিলেখ গঢ়িছিল শ্বেৰ আলীয়ে। ২০২৩ চনত তেওঁ ইউৰোপীয় লীগৰ এখন খেলতে এই অভিলেখ অৰ্জন কৰিছিল। এবছৰ নৌহওঁতেই আছজাদে সেই অভিলেখ ভাঙি পেলালে।