NORTHEAST NOW (Assamese)

২৫০০ৰ দিশে অসমত ক’ভিড আক্ৰান্ত, দিনটোত চিনাক্ত ২৩০

June 6, 2020 11:52 pm · কল্পজ্যোতি শইকীয়া
প্ৰতিনিধিত্বমূলক চিত্ৰ

৭৬গৰাকী নতুন ক’ভিড-১৯ পজিটিভ ব্যক্তিৰ সৈতে অসমত মুঠ আক্ৰান্ত শনিবাৰে ২৪৭৩লৈ বৃদ্ধি পাইছে।

আক্ৰান্তসকলৰ মাজত আছে ধুবুৰীৰ ২৩, দৰঙৰ ২২, কামৰূপ মহানগৰৰ ১২, ডিব্ৰুগড়ৰ সাত, বৰপেটাৰ ৫, ধেমাজিৰ তিনি আৰু বঙাইগাওঁ আৰু শোণিতপুৰৰ দুগৰাকীকৈ ব্যক্তি।

এইসকল ব্যক্তিক ধৰি কেৱল শনিবাৰৰ দিনটোত এইপৰ্য্যন্ত চিনাক্ত হৈছে ২৩০গৰাকী আক্ৰান্ত।

এতিয়ালৈকে ৫৮৮গৰাকী ক’ভিড আক্ৰান্ত আৰোগ্য হোৱাৰ পিছত অসমত সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ১৮৭৮ (।)

এতিয়ালৈকে অসমত চাৰিগৰাকী ক’ভিড ৰোগী মৃত্যুমুখত পৰিছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

কালিৰ দিনটোত ১২৮ গৰাকী কোভিড-১৯ ত আক্ৰান্ত হৈছিল।  

যোৱা ৪ জুনত ২৪৩ গৰাকী লোক আক্ৰান্ত হৈছিল ক’ৰ’ণাত।

তিনি জুনত সৰ্বাধিক ২৬৯ গৰাকী লোক আক্ৰান্ত হৈছিল।

যোৱা ১ জুনৰ দিনটোত ১৪৬ গৰাকী লোক ক’ৰ’ণাত আক্ৰান্ত হৈছিল।

যোৱা ৩০ মে দিনা ১৫৯ গৰাকী বৰ্তমানলৈকে আক্ৰান্ত হৈছিল।

২৯ মে’ত ১৭৭ গৰাকী আক্ৰান্ত হৈছিল ক’ৰ’ণা ভাইৰাছত।

২৮ মে দিনটোত ৰাজ্যত ৯৭ গৰাকী লোক আক্ৰান্ত হৈছিল ক’ৰ’ণা ভাইৰাছত।

যোৱা ২৭ মেত ১০১ গৰাকী লোক ক’ৰ’ণাত আক্ৰান্ত হৈছিল।

Related News