NORTHEAST NOW (Assamese)
অসম

অসমত ৪৯লৈ বৃদ্ধি দিনটোৰ ক’ভিড-১৯ পজিটিভ, মুঠ আক্ৰান্ত ২৫৯

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 22, 2020 9:49 pm
2411 persons cured of COVID-19 in Assam

আৰু তিনিগৰাকী ব্যক্তি শুকুৰবাৰে অসমত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে।

ফলত শুকুৰবাৰৰ দিনটোত এতিয়ালৈকে মুঠ ৪৯গৰাকী লোক ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে। মুঠ আক্ৰান্ত ২৫৯লৈ বৃদ্ধি পাইছে।

এইবাৰ নগাওঁ, শিৱসাগৰ আৰু তিনিচুকীয়া জিলাৰ এগৰাকীকৈ ব্যক্তি ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

লোক তিনিজনৰ সম্পৰ্কে আন কোনো তথ্য দাঙি ধৰা নাই ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে।

বৰ্তমান ১৯৮ গৰাকী লোক এই ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে তাৰ বিপৰীতে ৫৪ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে ৷

এতিয়ালৈ চাৰিগৰাকী মৃত্যু মুখত পৰিছে ৷

কিছু সময় পূৰ্বে সৰুসজাই কুৱাৰেন্টাইন চেণ্টাৰত  কোভিড-১৯+ ত আক্ৰান্ত ২৬ গৰাকীকৈ ৰোগী পোৱা গৈছিল।

ৰাজ্যত বৰ্তমানলৈকে ২৫৯ গৰাকী লোকৰ দেহত কোভিড-১৯ পজিটিভ পোৱা গৈছে।

সন্ধিয়া ভাগত শিলচৰ মেডিকেল কলেজ, কাছাৰ জিলা আৰু MMCH মিলাই ৮ গৰাকী লোক পজিটিভ পোৱা গৈছিল।

তাৰ কিছু সময় পূৰ্বে তেজপুৰ কুৱাৰেন্টাইন চেণ্টাৰত  ছয়গৰাকী লোকৰ দেহত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি পোৱা গৈছে।

দিনৰ ভাগত শিলচৰ কুৱাৰেন্টাইন চেণ্টাৰত  দুগৰাকী লোকৰ দেহত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি পোৱা গৈছিল। লোকদুজন ক্ৰমে কাছাৰ আৰু হাইলাকান্দিৰ ।

তাৰ ঠিক কিছু সময় পূৰ্বে শিৱসাগৰ জিলাত দুগৰাকী আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ কুৱাৰেন্টাইন চেণ্টাৰত ধৰা পৰিছিল  দুটা কেচ। তাত আক্ৰান্ত কেইগৰাকীৰ এগৰাকী ঢকুৱাখনা আৰু এগৰাকী ওদালগুৰিৰ।

কালিৰ দিনটোতে ২২ গৰাকীকৈ লোক আক্ৰান্ত হৈছে কোভিড-১৯ ত।

কালি নিশা তেজপুৰ বিশ্ববিদ্যালয়ৰ কুৱাৰেন্টাইন চেণ্টাৰৰ সাতগৰাকী লোকৰ দেহত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি পোৱা গৈছিল। আক্ৰান্ত সকলৰ ৫ গৰাকী শোণিতপুৰ জিলাৰ আৰু দুগৰাকী লখিমপুৰ জিলাৰ।

ৰাজ্যত চাৰি দিনৰ ভিতৰত শতাধিক  লোক  কোভিড-১৯ ত আক্ৰান্ত হৈছে।

পৰহি দিনটোত ৩১ গৰাকীকৈ লোক এই কোভিড-১৯ ভাইৰাছৰ সংক্ৰমণ হৈছে।

যোৱা ১৯ মে ত ৪২ গৰাকীকৈ লোকৰ দেহত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি পোৱা গৈছিল।

উল্লেখযোগ্য যে, যোৱা ১৩ মে’ ৰ পৰা আজিলৈকে মুঠ ১৯৮ গৰাকী লোক আক্ৰান্ত হৈছে এই মাৰাত্মক কোভিড-১৯ত।