NORTHEAST NOW (Assamese)

দেশত ক’ভিড-১৯ আক্ৰান্ত ৭৫২৯গৰাকীলৈ বৃদ্ধি, আৰোগ্য ৬৫২

April 11, 2020 11:11 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

ভাৰতত ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যা শনিবাৰে ৭৫২৯জনলৈ বৃদ্ধি পাইছে। বৰ্তমান দেশত সক্ৰিয় ৰোগী আছে ৬৬৩৪গৰাকী।

দেশত ক’ভিড-১৯ত আক্ৰান্ত হৈ ২৪২গৰাকী লোকৰ এইপৰ্য্যন্ত মৃত্যু হৈছে। আৰোগ্য হৈছে ৬৫২ গৰাকী।

অসমত এতিয়ালৈকে মুঠ ২৯গৰাকী ক’ভিড-১৯ আক্ৰান্ত চিনাক্ত হৈছে। তাৰে এজনৰ মৃত্যু ঘটিছে।

অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰা মতে বাকী চিকিৎসাধীন ৰোগীসকলক অৱস্থা ভাল আৰু পাঁচজনৰ নমুনা পৰীক্ষাত নিগেটিভ পোৱা গৈছে।

উত্তৰ-পূবৰ অৰুণাচল প্ৰদেশ আৰু মিজোৰামত এজনকৈ ক’ভিড-১৯ ৰোগী চিনাক্ত হৈছে।

মণিপুৰ আৰু ত্ৰিপুৰাত দুগৰাকীকৈ লোক ক’ভিড-১৯ পজিটিভ পোৱা গৈছে।

উত্তৰ-পূবৰ বাকী তিনি ৰাজ্য নাগালেণ্ড, মেঘালয় আৰু ছিকিমত এতিয়াও কোনো ক’ভিড-১৯ আক্ৰান্ত চিনাক্ত হোৱা নাই।

দেশৰ ভিতৰত মহাৰাষ্ট্ৰত ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যা আটাইতকৈ বেছি বৃদ্ধি পাইছে। ৰাজ্যখনত এতিয়ালৈকে ১৫৭৪ গৰাকী ৰোগী চিনাক্ত হৈছে।

ৰাজ্যখনত ১১০ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৮৮ গৰাকীয়ে আৰোগ্য লাভ কৰিছে।

মহাৰাষ্ট্ৰৰ পিছতে তামিল নাডু (৯১১) আৰু দিল্লী (৯০৩)ত সৰ্বাধিক ক’ভিড-১৯ আক্ৰান্ত চিনাক্ত হৈছে।

Related News